/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
ডিজিটেল সংবাদ,চিলাপথাৰঃ ডিমৌ নৈত মাছ বিচাৰিবলৈ গৈ উভতি নাহিল চিলাপথাৰৰ দুজনক লোক।৪ দিনে নিখোজ লোক দুজনক বিচাৰি হাহাকাৰ পৰিয়াল।
৮ অক্টোবত চিলাপথাৰ ডিমৌ চাৰিআলিৰ বাসিন্দা মহেন্দ্ৰ পাংগীং (৫৭), প্ৰফুল্ল য়েইন (৫৫) আৰু জিনুত মিলিয়ে (৫১) অসম- অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিমৌ নদীত মাছ মাৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।
পিছে ইয়াৰে জিনুদ মিলি পিছদিনা ঘৰলৈ উভতি আহে যদিও বাকী দুজন লোক আজি পৰ্যন্ত উভতি নাহিল। অতি শোচনীয় অৱস্থাত ঘৰত আহি উপস্থিত হোৱা অসুস্থ জিনুদে স্পষ্টকৈ ব্যক্ত কৰিব পৰা নাই নিখোজ ২লগৰীয়াৰ অৱস্থিতি।
ঘটনাৰ দিনটোৰ পৰাই পৰিয়ালৰ লগতে স্থানীয় ৰাইজে নিখোজ লোকদ্বয়ৰ সন্ধানত বহু বিচাৰ খোচাৰ কৰিও কোনো সন্ধান লাভ কৰা নাই। প্ৰতিকুল বতৰৰ পিছতে ৰাইজে অৰুণাচল প্ৰদেশৰ ভিতৰলৈকে অব্যাহত ৰাখিছে সন্ধান। ঘটনাৰ সংক্ৰান্তত পৰিয়ালৰ লোকে ইতিমধ্যে স্থানীয় ডিমৌ আৰক্ষী চকী আৰু লিকাবলি আৰক্ষী থানাত এজাহৰ দাখিল কৰিছে।
পূজাৰ বতৰত ডিমৌ নদীত মাছ মাৰি পৰিয়ালৰ সৈতে এসাজ খোৱাৰ হেপাহেৰে ঘৰৰ পৰা ওলাই যোৱা লোক দুজনৰ নিখোজৰ ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে।লোক দুজনৰ সন্ধানত সহায় কৰিবলৈ পৰিয়ালৰ দুটাই প্ৰশাসন আৰু ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us