ডিজিটেল সংবাদ,চিলাপথাৰঃ বিগত কিছুদিনৰ পৰা চিলাপথাৰত চলিছে চোৰৰ সন্ত্ৰাস। ইতিমধ্যে চোৰে দৰ্জাৰ ল'ক ভাঙি এজন প্ৰাক্তন সৈনিকৰ ঘৰত চুৰিকাণ্ড সংঘটিত কৰিছে। অঞ্চলৰ বহু লোকৰ ঘৰত অব্যাহত আছে ধাৰাবাহিক লুটপাটৰ ঘটনা। পাকঘৰৰ বাচন পৰ্যন্ত সুযোগ বুজি উঠাই লৈ যোৱা ফলত বিৰক্ত হৈছে ৰাইজ।
যোৱা নিশাও চোৰে চিলাপথাৰ গোৰ্খা ভৱনৰ সমীপত থকা বৰুণ ছেত্রী নামৰ লোকজনৰ ঘৰত লুটপাট চলায়। চোৰৰ দলটোৱে মানুহ নথকাৰ সুযোগ লৈ ঘৰত প্ৰৱেশ কৰি এফালৰ পৰা চাফাই অভিযান চলাই নিশাই পলায়ন কৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন চোৰৰ দলটোৰ মাজৰ অজন ড্ৰাগছ আসক্ত চোৰ ঘৰৰ ভিতৰতে শুই পৰে।
মাত্ৰাধিক নিচাৰ বাবে ঘৰতে আৱদ্ধ হৈ পৰে চোৰটো। পুৱা ৰাইজে ধৰি বান্ধি আৰক্ষীক চমজাই দিয়ে। চোৰে সোণৰ গহনা,বাচন-বৰ্তন, কাপোৰ,নগদ ধন সম্পত্তি লুটি নিয়ে। ঘটনা সন্দৰ্ভত ইতিমধ্যে এটা চোৰক আটক কৰি চিলাপথাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।