ভিন্ন প্ৰজাতিৰ কপৌফুলেৰে ভৰি পৰিছে চিলাপথাৰৰ বিজ্ঞান মহাবিদ্যালয়...

ভিন্ন প্ৰজাতিৰ কপৌফুলেৰে ভৰি পৰিছে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়...

author-image
Asomiya Pratidin
New Update
ভিন্ন প্ৰজাতিৰ কপৌফুলেৰে ভৰি পৰিছে চিলাপথাৰৰ বিজ্ঞান মহাবিদ্যালয়...

ডিজিটেল সংবাদ, চিলাপথাৰঃ অসমীয়াৰ বাপটি সাহোন ৰঙালী বিহু দুৱাৰ মুখত। গাঁৱে ভূঁঞে সৰ্বত্ৰ অব্যাহত আছে ৰঙালী বিহুৰ প্ৰস্তুতি। অসমৰ ভিন্ন প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ কৰ্মশালা। বিহুত নাচনীৰ নেঘেৰি খোপা শুৱনি কৰিবলৈ লাগিব লাহতি কপৌ। পিছে কপৌ বিচাৰি আৰু পাহাৰ বগাব নালাগে। ইয়াৰ সুব্যৱস্থা কৰিছে চিলাপথাৰৰ এখন আগশাৰীৰ মহাবিদ্যালয়ে।

Advertisment

সদায় অগতানুগতিক কৰ্মসূচীৰে চৰ্চাত থকা চিলাপথাৰৰ বিজ্ঞান মহাবিদ্যালয়খনত উভৈনদী হৈ পৰিছে লাহতি কপৌ। শিক্ষানুষ্ঠানৰ চতুৰ্দশে মাথো কপৌ ফুলৰ বাহাৰ। সৰু বৰ সকলো গছৰ ডালতে লামা লমে ফুলিছে ভিন্ন প্ৰজাতিৰ কপৌ ফুল। গছৰ ডালত সঁজাই দিয়া হৈছে চৰাইৰ বাঁহ।

বিবিধ ফুলেৰে সুগন্ধই আমোল মোলাইছে মহাবিদলায়ৰ চৌহদ। চৰাই চিৰিকতিৰ মধুৰ কলৰব আৰু ফল ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। এক নান্দনিক সেউজ পৰিৱেশ বিৰাজ কৰিছে শিক্ষানুষ্ঠানখনত।

প্রকৃতিপ্ৰেমী মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ উদ্যোগত চৌহদতে নিৰ্মাণ কৰিছে এক আটক ধুনীয়া অৰ্কিডিয়াম। কেইবাশ থলুৱা আৰু বিদেশী অৰ্কিডেৰে জাতিষ্কাৰ হৈ পৰিছে অৰ্কিডিয়ামখন। বসন্তৰ আগমনৰ বতৰা লৈ সৃষ্টি হোৱা মনোৰম পৰিৱেশে ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজক বাৰুকৈয়ে আকৰ্ষিত কৰিছে।

Also Read: লোক-সংস্কৃতিৰ সাধক দুলু বড়োলৈ জেংৰাই বঁটা

silapathar