এইবাৰ দেহ ব্যৱসায়ীৰ কবলত ধেমাজিৰ চিলাপথাৰ...

চিলাপথাৰত অসাধু চক্ৰ। দেহ ব্যৱসায়ীক আটক কৰি ৰাইজে গতালে আৰক্ষীক...

author-image
Asomiya Pratidin
New Update
এইবাৰ দেহ ব্যৱসায়ীৰ কবলত ধেমাজিৰ চিলাপথাৰ...

ডিজিটেল সংবাদ, ধেমাজি : চিলাপথাৰত দীৰ্ঘদিনৰ পৰা দেহ ব্যৱসায় চলাই অহা এটা চক্ৰক দেওবাৰে নিশা ৰাইজে হাতে লোটে কৰায়ত্ব কৰি চিলাপথাৰ আৰক্ষীক চমজাই দিয়াৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি অসম-অৰুণাচল প্ৰদেশৰ সীমান্তঞ্চলৰ লিকাবালিত দিপক নামৰ এজন লোকে তেওঁৰ ঘৰটো বহুদিনৰ পৰা পতিতালয়ৰ দৰে ব্যৱহাৰ কৰি চলাই আহিছে দেহৰ ব্যৱসায় ।

Advertisment

কথাটো বহুদিনৰ পৰাই ৰাইজে চকু দি আহিছিল। দেওবাৰে নিশা দুজন যুৱক আৰু ৪ গৰকী যুৱতী উক্ত ঘৰখনত প্ৰৱেশ কৰাত ৰাইজৰ সন্দেহ ওপজে আৰু স্থানীয় মহিলা সকলে অভিযান চলাই ঘৰটোত অসংযত অৱস্থাত উদ্ধাৰ কৰে যুৱতী সহ যুৱক কেইজনক। অৱশ্যে যুৱক সকলে সুযোগ বুজি পলায়ন কৰিবলৈ সক্ষম হয়।

মহিলা সকলে বাকী সকলক নিশাই চিলাপথাৰ থানাত গতাই দিয়ে। উল্লেখ্য যে, অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লিকাবালিত দীৰ্ঘদিনৰ পৰাই এখন হোটেলত বিভিন্ন জনে অসৎ কাৰ্য চলাই আহিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে। অৰুণাচল প্ৰদেশৰ এলেকাধীন এই হোটেলৰ গৰাকীৰ সৈতে বহু মুধাফুটা ব্যক্তিৰ সদভাৱ থকাৰ বাবেই লিকাবালিত নিৰ্বিবাদে এনে সমাজ বিৰুধী কাৰ্য চলি থকা বুলি ৰাইজৰ অভিযোগ।

Also Read: প্ৰসংগ- কৰ্ণাটকৰ নিৰ্বাচন : ১২২ জন নৱনিৰ্বাচিত বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ...

Assam police