এখন পঞ্চায়তত দুজন তত্বাৱধায়ক সভাপতি! মহা বিভ্ৰান্তিত ৰাইজ...

সন্মিলিত গণশক্তি আৰু বিজেপিৰ মাজত সংঘাত !

author-image
Asomiya Pratidin
New Update
এখন পঞ্চায়তত দুজন তত্বাৱধায়ক সভাপতি! মহা বিভ্ৰান্তিত ৰাইজ...

এখন পঞ্চায়তত দুজন তত্বাৱধায়ক সভাপতি! মহা বিভ্ৰান্তিত ৰাইজ...

ডিজিটেল সংবাদ চিলাপথাঃ ধেমাজি জিলাৰ লাইমেকুৰিত একেখন পঞ্চায়তত নিয়োগ হ'ল দুজনকৈ তত্বাবধায়ক পঞ্চায়ত সভাপতি। ফলত এতিয়া মহাবিভ্ৰান্তিত ৰাইজ।

Advertisment

প্ৰাপ্ত অভিযোগ অনুসৰি মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ কাৰ্যকাল অন্ত পৰাৰ পিছতে পঞ্চায়তৰ বিশেষ আঁচনিৰ পৰ্যবেক্ষণ আৰু নিৰীক্ষণৰ বাবে প্ৰতিখন পঞ্চায়তত প্ৰাক্তন সভাপতি অথবা মিত্ৰজোঁটৰ প্ৰতিনিধিক তত্বাৱধায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। সেই উদেশ্যে বিজেপি কৰ্মী তথা প্ৰাক্তন পঞ্চায়ত সভাপতি-সমাজ কৰ্মী কোলেশ্বৰ কুলিক প্ৰদান কৰা হয় লাইমেকুৰী পঞ্চায়তৰ তত্বাৱধায়ক সভাপতিৰ দায়িত্ব।

বিধায়ক ভূৱন পেগু আৰু চক্ৰ বিষয়া ৰাজীৱ সোণোৱালৰ উপস্থিতিত যোৱা ১ আগষ্টত অনুষ্ঠিত ব্লক লেভেল মনিটৰিং কমিটিৰ বৈঠকতো তেওঁ অন্যান্য তত্বাৱধায়ক সভাপতিসকলৰ সৈতে অংশগ্ৰহণ কৰে। লাইমেকুৰী পঞ্চায়তৰ দায়িত্ব লাভ কৰি কুলীয়ে কাম কাজ আৰম্ভ কৰাৰ সময়তে একেটা পদবীৰ বিপৰীতে এইবাৰ ৰোধিনাথ কাৰ্দঙ নামৰ লোক জনক যোৱা ২৩ ছেপ্টেম্বৰত খণ্ড উন্নয়ন বিষয়াই নিযুক্তি দিয়ে।

বিজেপি কৰ্মী কুলি হ'ল সাংসদ প্ৰদান বৰুৱাৰ ঘনিষ্ঠ আৰু সন্মিলিত গণশক্তিৰ কৰ্মী কাৰ্দং হ'ল বিধায়ক ভূৱন পেগুৰ ঘনিষ্ঠ। একেটা পদবীৰ বিপৰীতে দুজনকৈ লোকক নিযুক্তি দিয়াৰ ঘটনাই বিজেপি -গণশক্তিৰ মাজত আৰম্ভ কৰিছে শীতল যুদ্ধ।

সাম্প্ৰতিক সময়ত পঞ্চায়ত সমূহত তত্বাৱধায়ক সকলে চাব লগা মূল আঁচনি হ'ল পি এম এ ৱাই আঁচনি। অভিযোগ মতে পঞ্চায়তখনৰ পি এম এ ৱাই আচনিৰ হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰা এজন হিতাধিকাৰী হ'ল ৰোধিনাথ কাৰ্দং (ক্ৰমিক নং -১১৫৬)।

খোদ এজন বিনামূলীয়া চৰকাৰী গৃহৰ সুবিধা লোৱা হিতাধিকাৰীয়ে আনৰ গৃহৰ আঁচনিৰ সফলতা বিফলতাৰ ওপৰত কি তীক্ষ্ণ নজৰ ৰাখিব বুলি ৰাইজে প্ৰশ্ন কৰিছে। উল্লেখ্য যে, লামেকুৰী শক্তি কেন্দ্ৰৰ আহ্বায়ক বলিন দলে আৰু মনিকান্ত বড়োৱে সমগ্ৰ বিষয়টোৰ বিজেপিৰ জিলা সভানেত্ৰীৰ দৃষ্টিগোচৰ কৰাই শীঘ্ৰে নিষ্পত্তিৰ প্ৰাৰ্থনা জনাইছে।

বিজেপি দলৰ নিজা সাংসদ আৰু বিধায়ক থকা সত্বেও বিজেপি প্ৰতিনিধিৰ ওপৰত দেখুওৱা এনে অবজ্ঞা আৰু অৱহেলাই দলীয় নেতা-কৰ্মীসকলক বাৰুকৈয়ে আশাহত কৰিছে। এয়া মিত্ৰজোঁটৰ শক্তি বৃদ্ধিৰ বিপৰীতে বিভাজনহে সৃষ্টি কৰিব বুলি লিখিত অভিযোগত প্ৰকাশ কৰিছে। একেটা পদবীৰ বিপৰীতে দুজনকৈ লোক নিযুক্ত হোৱাত মহাবিভ্ৰান্তিৰ সম্মুখীন হৈছে গঞা ৰাইজ।

Also Read: অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সহকাৰী সম্পাদক বিদ্যুৎ কলিতালৈ সাংবাদিক বঁটা...

পঞ্চায়ত সন্মিলিত গণশক্তি বিজেপি