/asomiyapratidin/media/media_files/2025/02/03/QwXyApWfhGtpImhk1zfT.png)
ডিজিটেল সংবাদ চিলাপথাৰঃ যোৱা ৩০ জানুৱাৰীত চিলাপথাৰত কংকন দাস (২৯) নামৰ এজন যুৱকৰ হত্যাকাণ্ডৰ ঘটনাক লৈ সাম কটা নাই চাঞ্চল্য। ইতিমধ্যে লোমহৰ্ষক ঘটনাৰ নায়ক উত্তম সিংহক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কংকনক এখন তীক্ষ্ণ দাৰে শিৰচ্ছেদ কৰি হত্যা কৰা বুলি নিজ মুখে স্বীকাৰোক্তি দিছে ঘাটকে।
ইপিনে ঘটনাটোত সাঙোৰ খাইছে হত্যাকাৰীৰ মামীয়েক বিৰজা দাস। চিলাপথাৰ আৰক্ষীয়ে হত্যাকাৰী উত্তম আৰু মাহীয়েক বিৰজা দাসক লৈ আজি পুনৰ চৰজমিন অনুসন্ধান চলায়।
নৃশংস হত্যালীলা সংঘটিত হোৱা ভৈৰবপুৰৰ মোমায়েকৰ ঘৰৰ পৰা মৃতদেহ উদ্ধাৰ হোৱা স্থান ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়াসুতিলৈকে ভাগিন- মামীয়েকক লৈ অনুসন্ধান চলায় আৰক্ষীৰ দলে। তাৰোপৰি তেওঁলোকৰ ঘৰৰ বিচনাৰ তলত পালে তেজৰ কৰাল ডোঙা। লগতে পালে ঘটনাত ব্যৱহৃত কিছু সামগ্ৰী।
অভিযানৰ সময়ত মৃতদেহ উদ্ধাৰ হোৱা স্থানত 'DEMO'ৰ সহায়ত ঘটনাৰ হুবহু বৰ্ণনা দিলে হত্যাকাৰীয়ে।সন্দেহ কৰা মতে মৃত কংকন দাসৰ সৈতে মামীয়েক বিৰজাৰ আছিল অবৈধ সম্পৰ্ক।
ঘটনাৰ দিনা মামীয়েকৰ সৈতে অসংগত অৱস্থাত থকা মূহূৰ্তত ভাগিন উত্তমে ঘটালে এই নাৰকীয় হত্যাকাণ্ডৰ ঘটনাটো।