/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/4aa2bb8l/2.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰৰ অকাজানত গ্ৰেণেড উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আকাজান শান্তিপুৰৰ ডাম্পাৰ চালক বুদ্ধৰাম ভৰালীয়ে কিছুদিন পূৰ্বে মাটি বালি কঢ়িয়াই থাকোতে এটা নিষ্ক্ৰিয় হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰে।
গ্ৰেণেডটো উদ্ধাৰ কৰি প্ৰশাসনক চমজি নিদি লোকজনে ঘৰতে ৰাখি থয়। বৃহস্পতিবাৰে গাঁৱৰে যুৱক প্ৰদান বৰুৱাক গ্ৰেণেডটো দেখুওৱা পিছতে ঘটনাটো ক্ৰমে পোহৰলৈ আহে।
স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আজি গ্ৰেণেডটো উদ্ধাৰ কৰাৰ লগতে এনেধৰণৰ আপত্তিজনক বস্তু মজুত ৰখা বাবে বুদ্ধৰাম ভৰালী নামৰ লোকজনক আটক কৰি আৰক্ষীয়ে সোধ-পোছ কৰে।
ইপিনে গ্ৰেণেড সম্পৰ্কে সোধা-পোছা কৰা বাবেই প্ৰদান বৰুৱা আক্ৰমণৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে। বুদ্ধৰাম আৰু তেওঁৰ আত্মীয়ই চোকা অস্ত্ৰৰে আঘাত কৰা বুলি অভিযোগ উঠিছে।