/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5329f493-9954-401a-9460-5256ea53a861/54.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰ : অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ৰাই, মিচামৰা, কামিয়া, বৰাজান নৈয়ে সৃষ্টি কৰা বানত বিধস্ত মৰিধল আৰু নিলখৰ কুৰিখনতকৈ অধিক গাঁও ৷ পাহাৰ-ভৈয়ামত হোৱা ধাৰাষাৰ বৰষুণত জলমগ্ন হৈ পৰিছে গ্ৰামাঞ্চল।
ৰাই নৈয়ে সৃষ্টি কৰা বানত জলমগ্ন হৈছে ২ নং বালিগাঁও, হাঁহচৰা, কৈৱৰ্ত গাঁও , লক্ষীপথাৰ কছাৰী, হুবাহী, ২ নং বৰুৱা লালুং গাঁও, দক্ষিণ সুবাহী, মৰিধল মিৰি আদি বহুকেইখন গাঁৱৰ লোক। ইয়াৰোপৰি বাৰী, কৃষিভূমি, ৰাজহুৱা অনুষ্ঠান, বাট-পথ, দলং কলভাৰ্ত আদিৰ বিস্তৰ ক্ষতিসাধন হৈছে।
জানিব পৰা মতে হাঁহচৰা মিৰি গাঁৱৰ বহু পৰিয়াল মৰিধলৰ আশ্ৰয় শিবিৰত আশ্ৰয় কৈ আছে। ইপিনে স্থানীয় প্ৰশাসনৰ সমান্তৰালকৈ নন্দীগিৰি ভূঞা সমাজ কল্যাণ গোটৰ সদস্যসকলে অব্যাহত ৰাখিছে তৎপৰতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/27db2d5f-c9fe-4635-811f-6d6694d5eec3/12b0cc50-c298-408c-b66c-48a818bcb6db.jpg)
বান বিধস্ত অঞ্চলৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে আগবঢ়াইছে সহায়ৰ হাত। বৃহস্পতিবাৰে গোটৰ সদস্যসকলে আশ্ৰয় শিবিৰত বন্যাৰ্তৰ মাজত বিতৰণ কৰে চিৰা, চেনী, খোৱাপানী, বিস্কুট আদি বিভিন্ন সামগ্ৰী।
ইপিনে লিখাবাকিৰ পৰা চিলাপথাৰৰ মাজেৰে বৈ আতংকৰ কাৰক হৈ পৰা শুকান নলাৰ ওপৰত বাঁহৰ দলং সজাই অজস্ৰ ৰাইজৰ উপকাৰ সাধে নন্দীগিৰি ভূঞা সমাজ কল্যাণ গোটে। এই দুৰ্যোগৰ দিনত ৰাইজৰ কাষ চাপি সহায়ৰ হাত আগবঢ়োৱা বিশিষ্ট সমাজ সেৱক নন্দীগিৰি ভূঞাই গঠন কৰা সমাজ কল্যাণ গোটক কৃতজ্ঞগতা জ্ঞাপন কৰে বন্যাৰ্তই।
Also Read: ৩২০ মিলিয়ন ডলাৰ ব্যয়ৰে মুম্বাইত আজি অনন্ত আম্বানিৰ ৰাজকীয় বিবাহ