Advertisment

চিলাপথাৰত নিৰ্বাচনী হিংসাঃ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ কাৰ্যালয় লণ্ড ভণ্ড দুৰ্বৃত্তৰ

চিলাপথাৰত নিৰ্বাচনী হিংসাঃ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ কাৰ্যালয় লণ্ড ভণ্ড দুৰ্বৃত্তৰ

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত নিৰ্বাচনী হিংসাঃ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ কাৰ্যালয় লণ্ড ভণ্ড দুৰ্বৃত্তৰ

ডিজিটেল সংবাদ, চিলাপথাৰঃ ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ কুলিবজাৰস্থিত কাৰ্যালয়ত বুধবাৰে নিশা দুৰ্বৃত্তই আক্ৰমণ চলায়। আক্ৰমণত কাৰ্যালয়ৰ চকী টেবুল, দলীয় পতাকা, বেনাৰ প'ষ্টাৰ আদি সকলো আচবাব ভাঙি চুৰ্ণ বিচুৰ্ণ কৰে। ঘটনাৰ সংক্ৰান্তত দলীয় কৰ্মীয়ে এক এজাহৰ প্ৰদান কৰিছে । উক্ত এজাহাৰৰ ভিত্তিত দণ্ডাধীশৰ লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Advertisment

ঘটনাৰ আঁৰত বিজেপিৰ লোক থকাৰ সন্দেহ কৰিছে তৃনমূল কংগ্ৰেছৰ নেতাই। তৃনমূলৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত ৰয়ে ঘটনাটোক তীব্ৰ ভাষাৰে নিন্দা কৰি মন্তব্য কৰে যে কালি তৃণমূল কংগ্ৰেছে উলিওৱা এক বিশাল সমদলৰ পিছতে শংকিত হৈ পৰিছে শাসকীয় দল। ৰাইজে বিজেপিক নসাৎ কৰাত ভ্ৰিতীগ্ৰস্ত হৈ এনে অগণতান্ত্ৰিক কাৰ্য সংঘটিত কৰিছে। বিজেপিয়ে যিকোনো সময়ত যি কোনো মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে পিছে বেনাৰ-পষ্টাৰ ফালিলেই ৰাইজে ভোট নিদিয়ে, বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি‌ দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী জনালে।

Also Read: প্ৰাক্তন ASI সন্তোস চৌধুৰীৰ ঘৰত চিএম ভিজিলেঞ্চ...

tmc silapathar