Advertisment

চিলাপথাৰত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্তঃ মাতৃৰ চিকিৎসাৰ বাবে আহিছিল যুৱকজন...

চিলাপথাৰৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটো অৱশেষত চিনাক্ত হ'ল। উদ্ধাৰ হোৱা এই মৃতদেহটো চিলাপথাৰ ভৈৰৱপুৰৰ কৰ্ণ দাসৰ পুত্ৰ কংকন ওৰফে সুমন দাসৰ (২৯)।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত উদ্ধাৰ হোৱা মৃতদেহ চিনাক্তঃ মাতৃৰ চিকিৎসাৰ বাবে আহিছিল যুৱকজন...

ডিজিটেল সংবাদ চিলপাথৰঃ  চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটো অৱশেষত চিনাক্ত হ'ল। উদ্ধাৰ হোৱা এই মৃতদেহটো হ'ল চিলাপথাৰ ভৈৰৱপুৰ নিবাসী কৰ্ণ দাসৰ পুত্ৰ কংকন ওৰফে সুমন দাসৰ (২৯)।

Advertisment

উল্লেখ্য যে, সম্পূৰ্ন বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটোৰ ডিঙি কাটি থোৱা অৱস্থাত আছিল। তাৰোপৰি হাততো দেখা গৈছিল গভীৰ ক্ষত চিহ্ন। অৰুণাচল প্ৰদেশত বাচাৰত ব্যৱসায় কৰা কংকনে বৃদ্ধ মাতৃৰ চিকিৎসাৰ বাবে অলপতে ঘৰলৈ আহিছিল।

বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত ডিব্ৰুগড়লৈ বুলি ঘৰৰ পৰা ওলাই যোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হ'ল ৰাষ্ট্ৰীয় ঘাইপথৰ জলকীয়াসুতি অংশত। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে নৃশংসভাৱে ডিঙি কাটি হত্যা কৰি পেলাই থৈ গ'ল।

ইপিনে যুৱকজনৰ AS 04S/8431 নম্বৰৰ SWIFT গাড়ীখন উদ্ধাৰ হ'ল ঘৰৰ কাষৰে চিলাবালি গাঁৱত। মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীযে অব্যাহত ৰাখিছে তদন্ত।

জানিব পৰা মতে ঘটনাৰ দিনা কংকনৰ হাতত ৮০ হাজাৰ টকা আছিল। এই ধন মাতৃৰ চিকিৎসাৰ বাবে মজুত ৰাখিছিল বুলি মাতৃয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।  

ইপিনে লোমহৰ্ষক ঘটনাটোৰ খৰতকীয়া তদন্ত কৰি দোষিক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তিৰ দাবী জনাইছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে। অমায়িক আৰু সৰবৰাহী যুৱকজনক হত্যাৰ বাতৰিত মৰ্মাহত হৈ পৰিছে ৰাইজ।

চিলাপথাৰ মৃতদেহ উদ্ধাৰ