/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/a5343b40-4552-42fd-882c-6ece65b8bd61/Game.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : চ'তৰ সংক্ৰান্তিৰ দিনা বিভিন্ন আলৌকিক কাৰ্যকলাপৰে ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত হ'ল পৰম্পৰাগত চড়ক পূজা। যি দৃশ্য দেখিলে আপোনাৰো চকু কপালত উঠিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/ceef9d64-e313-4571-ac2f-4230b0d2955d/Screenshot__77_.png)
হ'ৰ-গৌৰী প্ৰাৰ্থনাৰে ভক্তই প্ৰদৰ্শন কৰে বহু দু:সাহসীক ক্ৰীড়া কৌশল। জনশ্ৰুতি মতে, ১৪৮৫ খ্ৰীষ্টাব্দত সুন্দৰানন্দ ঠাকুৰ নামে এজন ৰজাই প্ৰজাৰ কল্যাণৰ হেতু এই পূজাৰ প্ৰথম প্ৰচলন কৰিছিল। তাৰ পাছৰ পৰাই প্ৰচলিত হয় এই চড়ক পূজা। চিলাপথাৰৰ কাষৰীয়া ভৈৰৱপুৰত ১৯৬৯ চনৰ পৰাই কমল দাস নামৰ এজন সন্যাসীৰ নেতৃত্বত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে অনুষ্ঠিত কৰি আহিছে এই চড়ক পূজা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/59962eb8-0c0d-442d-8fdd-7f7d91a9eb76/Screenshot__78_.png)
পিঠিত বৰশিৰে শিঙি চক্ৰাকাৰে ঘূৰোৱা তীক্ষ্ণ দাৰ ওপৰত শয়ন, খোজ কৰা আদি কেইবাটাও আশ্চৰ্যকৰ খেলা প্ৰদৰ্শন কৰে। এই ক্ৰীড়া কৌশল প্ৰৰ্দশনত কোনো বিষ বা আঘাত অনুভৱ নহয়। গভীৰ বিশ্বাস আৰু একচিত্তে শক্তিৰ দেৱী কলীমাক ভক্তি কৰিলে এই দৈৱশক্তি লাভ কৰে বুলি সদৰি কৰে ভক্তই। আৰু সেয়েহে লোকে লোকাৰণ্য হৈ পৰে পূজা স্থলী।