চিলাপথাৰত বৰষাৰ এবেলা শীৰ্ষক কাব্যানুষ্ঠানত অনুষ্ঠিতঃ গ্ৰন্থ উন্মোচন

চিলাপথাৰত বৰষাৰ এবেলা শীৰ্ষক কাব্যানুষ্ঠানত অনুষ্ঠিতঃ গ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত বৰষাৰ এবেলা শীৰ্ষক কাব্যানুষ্ঠানত অনুষ্ঠিতঃ গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰত মুষলধাৰ বৰষুণৰ মাজতে বৰষাৰ এবেলা শীৰ্ষক কাব্যানুষ্ঠান অনুষ্ঠিত হয়। চিলাপথাৰ দ:ঞি প:ল সংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত এই ব্যতিক্ৰমী কব্যানুষ্ঠানত কবিতা,গীত-মাত,গ্ৰন্থ উন্মোচনী আৰু অন্তৰংগ আলাপ অনুষ্ঠিত হয়।

Advertisment

চিলাপথাৰ কবি সমাজৰ উদ্যোগত আৰু কবি কৃৰ্তী শিক্ষয়িত্ৰী কানন পেগুৰ আতিথ্যত অনুষ্ঠিত অনুষ্ঠানৰ সভাপতিত্ব কৰে চিলাপথাৰ কবি সমাজৰ সভাপতি নৃপেন বৰঠাকুৰে আৰু আঁতধৰে বিশিষ্ট কবি ভূৱন দাস আৰু বিনিতা চেতিয়াই। অঞ্চলটোৰ প্ৰয়াত মানৱ দৰদী চিকিৎসক ডা: শান্তিৰাম পেগুৰ প্রতিকৃতিত বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনী তথা কবি কানন পেগুৱে।

ইয়াৰ পিছতে জোনাইৰ বিশিষ্ট কবি তুষেশ্বৰ মিৰি আগৰৱালাই সঞ্চালনা কৰা কাব্যানুষ্ঠান উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী ভাগ্যৱতী দত্ত ভূঞাই।অনুষ্ঠানত কানন পেগুৰ 'অনুপল অনুৰাগ' নামৰ কবিতা পুথি খনৰ লগতে ডা: শান্তিৰাম পেগুৰ স্মাৰক গ্ৰন্থ 'সমাজ সৌৰভ' গ্ৰন্থ উন্মোচন কৰে জয় কুমাৰ দলে।

বহু নবীন প্ৰবীন কবিয়ে পাঠ কৰে স্বৰচিত কবিতা। ধাৰাষাৰ বৰষুণৰ মাজতে অব্যাহত ভিন্ন স্বাদৰ কবিতাৰ বৰষুণে অনন্য কৰি তোলে বৰ্ষাসিক্ত পৰিবেশ। অনুষ্ঠানৰ মাজতে সুমধুৰ গীত-মাতে পৰিৱেশ অধিক জীপাল কৰি তোলে।

Also Read: ৯ জাই গুলীত কঁপিল মাতমৰাঃ কোনে, কিয় কৰিলে এই কাম?

book launched