/asomiyapratidin/media/media_files/2025/01/30/Z0PbF6ZiW5y15P8qU3KL.jpg)
ডিজিটেল সংবাদ চিলাপথাৰঃ সকলোৰে আশীর্বাদ লৈ চিলাপথাৰৰ উদীয়মান শিল্পী লেখনে কুম্বাঙে বুধবাৰে যাত্ৰা কৰিলে দক্ষিণ ভাৰতলৈ। শিল্পীজনে বৃক্কৰ জটিল ৰোগৰ চিকিৎসা ল'ব তামিলনাডুৰ KMC হাস্পতালত।
চিলাপথাৰ ডিমৌ নিবাস জনপ্ৰিয় কণ্ঠশিল্পী লিখন প্ৰায় দুটা বছৰৰ পৰা ভূগি আছে বৃক্কৰ জটিল ৰোগত। ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজন বহু টকা।
সেয়ে মৰমৰ শিল্পী জনৰ বাবে মুক্তহস্তে দান বৰঙনিৰ আহ্বান জনাইছে গুণমুগ্ধই। স্থানীয় কলা কুশলীসকলে বিভিন্ন অঞ্চলত "ৰোড শ্ব" কৰি সংগ্ৰহ কৰিছিল কিছু বৰঙনি। তাৰ পাছতো প্ৰয়োজন আছিল যথেষ্ট ধনৰ।
এনে সময়তে শিল্পী জনৰ কাষ চাপিলে চিচি বৰগাঁৱ বিধান সভা সমষ্টিৰ স্বেচ্ছাসেৱী অনুষ্ঠান নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতি। বুধবাৰে সমাজ কল্যাণ সমিতিৰ কৰ্মীসকলে শিল্পী জনৰ ডিমৌস্থিত ঘৰলৈ গৈ কিছু অৰ্থ সাহাৰ্য আগবঢ়োৱাৰ লগতে তেওঁৰ আশু আৰোগ্য কামনা কৰে।
ইয়াৰ পিছতে বুধবাৰেই ৰে'ল যোগে দক্ষিণ ভাৰতৰ চিকিৎসালয়লৈ ৰাওনা হয় শিল্পীগৰাকী। শিল্পী লিখনৰ কুশল মংগলৰ বাবে ৰাইজৰ সৈতে সমিতিৰ কৰ্ম কৰ্তাই ভগৱান ওচৰত প্ৰাৰ্থনা জনাইছে।