চিলাপথাৰত ডাম্পাৰৰ চেপাত মহিলাৰ মৃত্যু

নিহত মাইজুলি বসুমতাৰীৰ ঘৰৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগত দুৰ্ঘটনাত সংঘটিত কৰিয়েই ঘটনাটোস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখন
চিলাপথাৰত ডাম্পাৰৰ চেপাত মহিলাৰ মৃত্যু

ডিজিটেল সংবাদ,চিলাপথাৰঃ ডাম্পাৰৰ চেপাত মহিলা নিহত। এই ঘটনা সংঘটিত হৈছে চিলাপথাৰৰ দিপাত।

জানিব পৰা মতে শুকুৰবাৰে বিয়লি প্ৰায় ৫ বজাত ৬ নং দিপা ৱাৰ্ডৰ নিবাসী মাইজুলি বসুমতাৰীয়ে গৰু আনিবলৈ বুলি গৈ আছিল। সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথৰে চিলাপথাৰৰ দিশে আহি থকা এখন ডাম্পাৰে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় মাইজুলি বসুমতাৰী।

দুৰ্ঘটনা সংঘটিত কৰা AS-22C-6707 নম্বৰৰ ডাম্পাৰখনে অৰুণাচল প্ৰদেশৰ কুঁৱেৰীৰ পৰা শিল-বালি কঢ়িয়াই আনিছিল। নিহত মাইজুলি বসুমতাৰীৰ ঘৰৰ পৰা প্ৰায় ২০০ মিটাৰ নিলগত দুৰ্ঘটনাত সংঘটিত কৰিয়েই ঘটনাটোস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখন।

উল্লেখ্য যে অবিবাহিতা মহিলাগৰাকীৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ডিমৌ আৰক্ষী টহলদাৰী চকীৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

চিলাপথাৰত ডাম্পাৰৰ চেপাত মহিলাৰ মৃত্যু
শ্বিলঙত সন্ধানহীন অসমৰ ছাত্ৰী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in