চিলাপথাৰৰ বিধ্বস্ত পথ নিৰ্মাণৰ দাবীৰে আছুৰ অৱস্থান ধৰ্মঘট...

উন্নয়নৰ মুখ নেদেখা চিলাপথাৰত উন্নয়নৰ দাবীৰে প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
চিলাপথাৰৰ বিধ্বস্ত পথ নিৰ্মাণৰ দাবীৰে আছুৰ অৱস্থান ধৰ্মঘট...

চিলাপথাৰৰ বিধ্বস্ত পথ নিৰ্মাণৰ দাবীৰে আছুৰ অৱস্থান ধৰ্মঘট...

ডিজিটেল সংবাদ চিলাপথাৰঃ ব্যস্ত ব্যৱসায়িক নগৰ চিলাপথাৰ নগৰৰ বিধ্বস্ত বাট পথ উন্নয়ন আৰু আন্ত:গাঁথনি উন্নয়নৰ দাবীত আজি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই পালন কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। নগৰৰ মাজ মজিয়াত সংগঠনটোৰ শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহন কৰা প্ৰতিবাদী কাৰ্যসূচীত চিলাপথাৰ 'নগৰৰ বিধস্ত বাট পথ শীঘ্ৰে নিৰ্মাণ কৰক','পথৰ নামত মৰণপথ নচলিব', 'গড়কাপ্তনি বিভাগ কাম নাই','বি আৰ অ' হায়-হায়', 'বিধায়ক ভূৱন পেগু হায় হায়', 'সাংসদ প্ৰদান বৰুৱাৰ কাম নাই' আদি শ্লগাণৰে মুখৰিত কৰি তোলে নগৰাঞ্চল।

Advertisment

লক্ষণীয় যে, চিলাপথাৰ নগৰাঞ্চলৰ কোনো এটা পথেই বৰ্তমান ব্যৱহাৰোপযোগী হৈ থকা নাই। জোনাই সংযোগী পথ, কল্যাণ কেন্দ্ৰ পথ, জোনাকী নগৰ, জ্যোতিনগৰ পথ,পাল পত্ৰিপথ,গান্ধীনগৰ, আমৃতপুৰ,মৈথাবাৰী পথ আদি সকলো বাট পথৰেই অৱস্থা অতি সংকটজনক।

দীৰ্ঘদিনে মেৰামতিৰ অভাৱত বখলা বখল কৈ এৰাই গৈছে পকী পথৰ অংশ। একেদৰে পৰিকল্পিত নলা নৰ্দমাৰ অভাৱত সৃষ্ট কৃত্ৰিম বানে যমৰ যাতন ভূগাইছে ৰাইজক।

নিজা গৃহ নগৰখনৰ এই দুৰৱস্থাৰ বাবে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুক সংগঠনটোৱে জগৰীয়া কৰি ক্ষুৰধাৰ সমালোচনা কৰে। জিলাৰ ভিতৰতে সৰ্বাধিক ৰাজহ সংগ্ৰহ হোৱা নগৰখনৰ সমস্যা সমাধানত চূড়ান্ত ব্যৰ্থ গৰকাপ্তনী বিভাগ আৰু বি আৰ অ'ক সংগঠনটোৱে ভৰ্ৎসনা কৰি ৰাইজৰ সমস্যা সমাধানৰ দাবী জনায়। সংগঠনটোৱে কেবাটাও দাবী লিপিবদ্ধ এক স্মাৰক পত্ৰও প্ৰদান কৰে।

Also Read: তাৰিখৰ পাছত তাৰিখঃ আকৌ পিছুৱালে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ দিন...

আছু চিলাপথাৰ