চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

ভাতৃ-ভগ্নীৰ মৃত্যুত শোকৰ ছাঁ চিলাসুঁতিত

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱতি নিশা চিলাপথাৰৰ চিলাসুঁতিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা এখন  বাইকত প্ৰচণ্ড গতিৰে অহা এখন বিলাসী বাহনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ৩গৰাকীকৈ লোক। নিহত দুয়োগৰাকী সম্বন্ধত ভাতৃ-ভগ্নী বুলি জানিব পৰা গৈছে।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, নিহত দুগৰাকীৰ নাম হৈছে আজা চুক্ৰাং আৰু জয়া চুক্ৰাং। টাটা পাঞ্চ নামৰ বাহনখনে প্ৰচণ্ড গতিৰে আহি দুয়োকে খুন্দা মাৰি উফৰাই নিয়ে। ইয়াৰ পিছতে বাহনখনে আন এখন বাইকতো খুন্দা মাৰে। বাইকখনৰ আৰোহীগৰাকী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে বাইকৰ পিছফালে থকা লোকজন।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু টাটা পাঞ্চ বাহনখন জব্দ কৰিছে।