/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/dffcdc09-efbe-4ebb-a1c0-e3843ba67d92/Science.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি এচ এফ এচ স্কুলৰ উদ্যোগত শনিবাৰে এদিনীয়াকৈ বিজ্ঞান প্ৰদৰ্শনীমূলক প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় । পুৱা ৮.৩০ বজাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা আয়োজন কৰা এটি কথক নৃত্যৰে শুভাৰম্ভণি হয় অনুষ্ঠানৰ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b921b7c7-2cf8-44d3-919e-7d955f6640ad/WhatsApp_Image_2023_05_13_at_8_24_45_PM.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/b70aef81-a037-4b73-9e96-99c6c2a0865f/WhatsApp_Image_2023_05_13_at_8_24_46_PM.jpeg)
ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি এচ এফ এচ স্কুলৰ অধ্যক্ষ ফাদাৰ ড° জৰ্জে ৷ প্ৰদৰ্শনীৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰলৈকে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰস্তুত কৰি উলিওৱা প্ৰায় ৫০ টাকৈ অধিক উদ্ভাৱনীমূলক প্ৰদৰ্শনীয়ে দৰ্শকসকলক আল্পুত কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/73b26fe3-13ce-4e2e-84f1-38fe5c3d9e6d/WhatsApp_Image_2023_05_13_at_8_24_46_PM__1_.jpeg)
বিশেষ ভাৱে প্ৰকল্প সমূহত ছাত্ৰ-ছাত্ৰী সকলে প্ৰস্তুত কৰা মেটেকাৰ পৰা কাগজ, ছাত্ৰ- ছাত্ৰীয়ে দেখুৱাইছে পৰিৱেশ প্ৰদূষণৰ কুপ্ৰভাৱ, নদী বান্ধৰ বিপৰীতে বতাহ আৰু সৌৰশক্তিক বিকল্পৰূপে কিদৰে চৰকাৰে গুৰুত্ব দিব লাগে ৷ এজাক ছাত্ৰ-ছাত্ৰীৰ বিজ্ঞান প্ৰকল্পই আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ধেমাজিৰ এখন বিদ্যালয়ত ৷ ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ উদ্দেশ্য আয়োজন কৰিছে এই বিজ্ঞান প্ৰদৰ্শনীয়ে যথেষ্ট আৰ্কষণীয় হৈ পৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8fe43210-93b2-4cdd-8d59-3510e58be84e/WhatsApp_Image_2023_05_13_at_8_24_44_PM.jpeg)
Also Read: ককাৰ হাতৰ দিনলিপি...