ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ সমূহৰ জৰুৰী সভা অনুষ্ঠিত...

প্ৰয়োজনীয় নথি-পত্ৰৰ নবীকৰন নকৰাৰ বাবে ব্যাহত হ'ব গ্ৰাহক সেৱা, লেনদেন

author-image
Asomiya Pratidin
New Update
ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ সমূহৰ জৰুৰী সভা অনুষ্ঠিত...

ডিজিটেল সংবাদ, ধেমাজি : ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ অধীনৰ ৩৯ টা গ্ৰাহক সেৱা কেন্দ্ৰৰ ২১,৬৪১ জন গ্ৰাহকৰ বেংকত সময়তে প্ৰয়োজনীয় নথি-পত্ৰ ভোটাৰ, পান, আধাকাৰ্ড আৰু ফটো জমা দি নবীকৰন নকৰাৰ পৰিপ্ৰেক্ষিতত বেংকে ২১,৬৪১ জন গ্ৰাহকৰ লেনদেন সেৱা ব্যাহত কৰা এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে ৷

Advertisment

এই সম্পৰ্কে শুকুবাৰে বিয়লি ৪ বজাত ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ মুখ্য প্ৰৱন্ধকৰ কাৰ্য্যালয়ত এখনি জৰুৰী সভা অনুষ্ঠিত হয় ৷ শাখাটোৰ মুখ্য প্ৰৱন্ধক বৈকুণ্ঠদেৱ ফুকনৰ পৰিচালনাত অনুষ্ঠিত হোৱা জৰুৰী সভাখনত ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাৰ গাণনিক বলবীৰ সিঙৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰৰ বিষয়া - কৰ্মচাৰী সকল উপস্থিত থাকে ৷

সভাত মুখ্য প্ৰৱন্ধক গৰাকীয়ে ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ অন্তৰ্গত গ্ৰাহক সেৱা কেন্দ্ৰ সমূহত ইতিমধ্যে ১ জানুৱাৰী ২০১৭ চনৰ পৰা ৩১ আগষ্ট ২০২০ চনলৈকে গ্ৰাহক সেৱা কেন্দ্ৰত একাউণ্ট থকা লোকসকলৰ উক্ত উল্লেখিত একাউণ্ট সমূহ শীঘ্ৰেই নবীকৰন কৰা গুৰুত্ব আৰোপ কৰে ৷

তেওঁ উল্লেখ কৰা তথ্য অনুসৰি বিগত বৰ্ষৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহলৈকে মুঠ ২৫,৬০৩ জন গ্ৰাহকৰ একাউণ্ট নবীকৰনৰ তালিকাত আছিল যদিও ইতিপূৰ্বে মাত্ৰ ৩৯৬২ জন গ্ৰাহকেহে সময়ত প্ৰয়োজনীয় নথি-পত্ৰ দি নবীকৰন কৰা দেখা গৈছে ৷ যি সকল গ্ৰাহকে আজি পৰ্যন্ত নিজৰ একাউণ্ট সমূহ নবীকৰন কৰাৰ ব্যৱস্থা কৰা নাই তেওঁলোকৰ একাউণ্ট সমূহ লেনদেনত ব্যাহত হোৱাটো নিশ্চিত বুলিও মুখ্য প্ৰৱন্ধক গৰাকীয়ে অৱগত কৰি লেনদেনত ব্যাহত হ'ব লগা গ্ৰাহকৰ একাউণ্টৰ সংখ্যা ২১,৬৪১ হৈছে বুলি উল্লেখ কৰে ৷

মুখ্য প্ৰৱন্ধক ফুকনে ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ অধীনৰ নিকটবৰ্ত্তী যি কোনো গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকৰ সুবিধা অনুযায়ীয়েই প্ৰয়োজনীয় নথি-পত্ৰৰে নবীকৰন কৰিব পাৰিব বুলিও তেওঁ গ্ৰাহকসকললৈ অনুৰোধ জনাইছে ৷

আৰু পঢ়ক : সৈনিক স্কুলক নতুন ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ...

assam state bank of india dhemaji