চিচিবৰগাঁৱত ৫০০সংখ্যক বীৰাংগণা সাধিনী স্মৃতি দিৱস...

চিচিবৰগাঁৱত ৫০০ সংখ্যক বীৰাংগণা সাধিনী স্মৃতি দিৱস...

author-image
Asomiya Pratidin
New Update
চিচিবৰগাঁৱত ৫০০সংখ্যক বীৰাংগণা সাধিনী স্মৃতি দিৱস...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰগাঁও চৌখামটিং সাধনী ভৱনত অনুষ্ঠিত হ'ল ৫০০ সংখ্যক বীৰাংগণা সাধিনী স্মৃতি দিৱস। চুতীয়া জাতি সন্মিলনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দিনজোৰাকৈ অনুষ্ঠিত দিৱসৰ কাৰ্যসূচী মহাসতী সাধিনীৰ প্ৰতিমূৰ্ত্তি উন্মোচনীৰে শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ভুৱন পেগুৱে আৰু মাল্যাৰ্পন কৰে বিশিষ্ট সমাজকৰ্মী গিৰীন চুতীয়াই।

Advertisment

সমষ্টি উন্নয়ন পূঁজিৰে নিৰ্মীত প্ৰতিমূৰ্ত্তিৰ বাবে অৰ্থসাহায্য আগবঢ়োৱা বিধায়কক এখন মানপত্ৰৰে সম্বৰ্ধনা জনায় আয়োজক সমিতিয়ে। অনুষ্ঠানত উপস্থিত থাকি উৎসাহিত বিধায়ক জনে এনে এক মহান অনুষ্ঠানত অংশ ল'বলৈ পাই গৌৰৱান্বিত হোৱা বুলি মন্তব্য কৰি বিৰাংগনা সতী সাধনীৰ প্ৰেৰণা লৈ বৰ অসম গঢ়াৰ বাটত অগ্ৰসৰ হ'ব লগিব বুলি মন্তব্য কৰে। ইয়াৰ পিছতে উদযাপন স্থলীৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিক দলৰ এক বিশাল শোভাযাত্ৰা উলিয়াই।

Also Read: উজলিছে কটন কলেজিয়েট হাইস্কুল আৰু ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰ...

sisiborgaon sati sadhini dhemaji