সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তনৰ সফল সামৰণি

শুকুৰবাৰৰ পৰা দেওবাৰলৈ তিনি দিনীয়াকৈ ধেমাজিৰ আন্তঃজিলা বাছ আস্থানৰ চাওফা চুহুংমুং ক্ষেত্রত অনুষ্ঠিত হোৱা সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তন সফলতাৰে সম্পন্ন হয়।

author-image
Asomiya Pratidin
New Update
সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তনৰ সফল সামৰণি

ডিজিটেল সংবাদ, ধেমাজি: ‘‘চাওলুং চ্যুকাফাই সৌমাৰপীঠত আহোম ৰাজ্যৰ বীজ ৰোপ কৰাৰ দুশ বছৰৰ পিছলৈকে আহোম ৰাজ্যৰ সীমা বৃদ্ধি পোৱা নাছিল। দিহিঙ্গীয়া ৰজা চুহুংমুঙে আহোমৰ ৰাজপাটত বহিয়ে আইটনীয়া নগাক দমন কৰি সিবিলাকক নিজৰ অধীনলৈ আনিছিল। এনেদৰেই পিছলৈ চুতীয়া, কছাৰী আদি ৰাজ্যসমূহ নিজৰ শাসনৰ তললৈ আনি ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিল৷’’

Advertisment

এই মন্তব্য বিশিষ্ট বুৰঞ্জীবিদ ড° দয়ানন্দ বৰগোঁহাইৰ৷ দেওবাৰে ধেমাজিৰ তেলিজানৰ আন্তঃজিলা বাছ আস্থানৰ চাওফা চুহুংমুং ক্ষেত্রত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দিহিঙীয়া আৰু দিহিঙীয়া বৰুৱা ফৈদৰ টাই আহোম জনগোষ্ঠীৰ বিশাল সংখ্যাক লোকৰ উপস্থিতিত অনুষ্ঠিত সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তনৰ শেষ দিনৰ  মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে ড০ বৰগোঁহায়ে।

সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তনৰ সফল সামৰণি

অনুষ্ঠানত ভাষণত তেওঁ কয় যে, তুৰ্বকৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ অহা মুছলমানসকলকো যুদ্ধত ঘটোৱাই আহোম ৰাজ্যৰ পশ্চিমৰ সীমা কৰতোৱা নদী পর্যন্ত বিস্তাৰ কৰিছিল। পূবৰ চুতীয়া ৰজাক যুদ্ধত ঘটোৱাই চুতীয়া ৰাজ্য নিজৰ শাসনৰ অধীনলৈ আনি পূবে শদিয়াৰ পৰা পশ্চিমত কৰতোৱা নদীলৈকে ৰাজ্যৰ সীমা বৃদ্ধি কৰি চাওফা চুহুংমুং এখন বিশাল সাম্ৰাজ্যৰ গৰাকী হৈছিল।

এই সুবিশাল সাম্রাজ্যখন নিয়াৰিকৈ শাসন কৰিবৰ বাবে চুহুংমুঙে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। পূবৰ চুতীয়া ৰাজ্য অধিকাৰ কৰি সেই ভূখণ্ড চোৱাচিতা কৰিবৰ বাবে শদিয়াখোৱা গোহাঁই বিষয় বাব সৃষ্টি কৰি সেই অঞ্চলটো শদিয়াখোৱা গোঁহাইক প্রাদেশিক শাসনকর্তা হিচাপে নিযুক্তি দিছিল। চাওফা চুহুংমুঙৰ ৰাজত্বকালৰ অতি গুৰুত্বপূৰ্ণ আৰু উল্লেখনীয় অৱদান হ'ল ৰাজ কার্য পৰিচালনা কৰা ক্ষেত্ৰত ডাঙৰীয়াৰ (মন্ত্রী) সংখ্যা বৃদ্ধি।

সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তনৰ সফল সামৰণি

আহোমৰ আদিৰজা চ্যুকাফাৰ পৰা চুহুংমুঙৰ পিতৃ চুবিনফালৈকে আহোমৰাজ্যত ডাঙৰীয়াৰ সংখ্যা আছিল মাত্র দুজনবুঢ়াগোঁহাই আৰু বৰগোঁহাই। চাওকা চুহুংমুঙে এই দুয়োজনা গোঁহাইৰ লগত আলোচনাত বহি নিজ পিতৃবীৰ্যৰ সহোদৰ কনচেঙক নগাচাঙৰ পৰা মতাই আনি বৰপাত্ৰ-গোহাঁই পাতিলে।তেতিয়াৰে পৰা আহোম ৰাজ্যত ডাঙৰীয়াৰ সংখ্যা তিনিজনা হ'ল।

১৪৯৭ত ৰাজপাটত বহি স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাই অসমৰ সীমা বঢ়াই উত্তৰ অসমক আহোম ৰাজ্যৰ অধীন কৰা লগতে খনিজ সম্পদৰ অনুসন্ধান কৰি লোণ, লো আৰু সোণৰ উৎপাদনেৰে অসমক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিছিল বুলি উল্লেখ কৰে৷ বিয়লি ১ বজাত সদৌ দিহিঙীয়া বংশাৱলী অসমৰ নৱনির্বাচিত সভাপতি সুৰজ দিহিঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত দিহিঙ্গীয়া বংশলতা নামৰ গ্রন্থ উন্মোচন কৰে দিহিঙীয়া বংশৰ বিশিষ্ট ব্যক্তি কন্দৰ্প সাগৰ দিহিঙীয়াই৷

সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তনৰ সফল সামৰণি

পাটসাকু কনিষ্ঠ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ফুনু দিহিঙীয়াই উদ্বোধন কৰা মুকলি সভাত উদযাপন সমিতিৰ সভাপতি হৰিপ্রসাদ দিহিঙীয়াই আদৰণি ভাষণ প্ৰদান কৰে৷ মুকলি সভাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি মনোজ গগৈ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোণোৱাল, ধেমাজি নগৰ পালিকাৰ প্ৰাক্তন সভাপতি ভবিষ্য দিহিঙীয়া, আহোম সভাৰ অনন্ত গগৈ দিহিঙীয়া,  শিক্ষক পৰাগজ্যোতি গগৈ,  ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা,  ধেমাজি চিটি কলেজৰ সহকাৰী অধ্যাপক তথা বুঢ়াগোহাঁই বংশাৱলীৰ সভাপতি ৰঞ্জন বুঢ়াগোহাঁই, হাতীগড় লাচিত যুৱ সংঘৰ তৰুণ ভাৰধৰা,  চেতিয়া বংশাৱলীৰ সভাপতি মিনেশ্বৰ চেতিয়া,  লখিমপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড°  পদ্মেশ্বৰ সন্দিকৈ,  দিহিঙীয়া বংশাৱলীৰ প্ৰাক্তন সভপতি জয়ৰাম দিহিঙীয়া আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷

সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতেই আমন্ত্রিত শিল্পীৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি হৰিপ্রসাদ দিহিঙীয়াই৷ মুকলি সভাৰ পূৰ্বে পুৱা ৭.০০ বজাত পৰিবেশ নিকাকৰণ আৰম্ভ কৰে উদযাপন সমিতিয়ে৷

সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তনৰ সফল সামৰণি

পুৱা ১১.০০ বজাত বাৰেৰহনীয়া বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্রাৰ উদ্বোধন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সুৰুজ দিহিঙীয়াই৷ সাংস্কৃতিক শোভাযাত্রাত  অভিনেত্রী অষ্ট্ৰিয়ানা দিহিঙীয়া, বিহুৰাণী নিমিষা দিহিঙীয়া আৰু ৰাজলক্ষী দিহিঙীয়াই  অংশগ্ৰহণ কৰে৷ তিনিদিনীয়কৈ অনুষ্ঠিত সদৌ দিহিঙীয়া বংশাৱলীৰ দ্বিতীয় দিনা পুৱা পৰিবেশ নিকাকৰণ আৰম্ভ কৰে উদযাপন সমিতিয়ে৷

পুৱা ৮.০০ বজাত ১০১ গৰাকী ম'লুঙৰ দ্বাৰা সম্পন্ন কৰা গৃহ আৰু দেশীয় মে-ডাম, মে-ফীৰ উদ্বোধন কৰে মে-নাং ৰাইৰ প্রতিষ্ঠাপক সভানেত্রী হেমলতা দিহিঙীয়া বৰগোহাঁইয়ে৷ পুৱা ৮.৩০ বজাত বৃক্ষ ৰোপণ মুকলি কৰে অসম চৰকাৰ নিৰ্মাণ নিগমৰ অৱসৰপ্ৰাপ্ত অভিযন্তা,  যাদব চন্দ্র দিহিঙীয়াই৷

পুৱা ৯ বজাত ৪৭ খন পতাকা উত্তোলনৰ শুভাৰম্ভ কৰে তদর্থ সমিতিৰ সভাপতি মণ্ডলী পুনেশ্বৰ দিহিঙীয়াই আৰু উদযাপন সমিতিৰ সভাপতি হৰিপ্ৰসাদ দিহিঙীয়াই৷ পুৱা ৯.৩০ বজাত মৈদাম তর্পণ মুকলি কৰে দিহিঙীয়া বংশাৱলীৰ কেন্দ্রীয় তদর্থ সমিতিৰ সদস্য ভবিষ্য দিহিঙীয়াই৷

সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তনৰ সফল সামৰণি

ইয়াৰ পাছতেই সদৌ দিহিঙীয়া বংশাৱলীৰ চিনাকি পর্ব বার্তালাপ অনুষ্ঠিত হয়৷ জী-জোৱাই চ'ৰা অনুষ্ঠানৰ উদ্বোধন কৰে তাই আহোম য়ুথ ফ'ৰামৰ সভাপতি বিশ্বজিত গগৈয়ে৷ অনুষ্ঠানৰ আঁত ধৰে কাব্যশ্রী দিহিঙীয়া গগৈয়ে৷

আবেলি আহোম সাম্রাজ্যৰ শ্রেষ্ঠতম শাসক বৰ অসমৰ মূল হোতা চাওফা চুহুংমুহুঙৰ ঐতিহাসিক দৃষ্টিকোণেৰে দিহিঙীয়া নামৰ উৎপত্তিৰ পটভূমি আৰু ব্যুৎপত্তি আৰু দিহিঙীয়া বংশাৱলীৰ বুৰঞ্জী শীৰ্ষক বিষয়ত এক আলোচনা অনুষ্ঠিত হয়৷ ডিব্ৰুগড়ৰ খোৱাং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ত্রৈলোক্য দিহিঙীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ তথা বিশিষ্ট লেখক বগেন গগৈ, পাটসাকো কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা মুকুল চেতিয়া, শিল্পী পেঞ্চনাৰ নোমল চন্দ্র গগৈ আলোচক হিচাপে অংশগ্ৰহণ কৰে৷

ইয়াৰ পাছতেই সদৌ দিহিঙীয়া বংশাৱলী অসমৰ ধেমাজি অভিৱৰ্তন উপলক্ষে ললিত দিহিঙীয়াৰ সম্পাদনাত আদৰণি সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰুন্থ চাওফা চুহুংমুং উন্মোচন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ ভাষনত ডাঃ পেগুৱে কয় যে, বংশাৱলী জাতিৰ দাপোন৷ এই দপোনে অসমখন শুৱনি কৰাৰ লগতে বিভিন্ন জাতিজনগোষ্ঠীয়ে সমৃদ্ধি কৰি ৰাখিছে৷

অনুষ্ঠানত কৃষ্ণ দিহিঙীয়াই লিখা শ্ৰীকৃষ্ণৰ দ্বাৰা অৰ্জুনৰ বিষাদ মন্থননামৰ ধৰ্ম গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট লেখক তথা ধেমাজি উচ্চতৰ মা্ধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক অৰুণ কুমাৰ দিহিঙীয়াই৷ কৃর্তিমান দিহিঙ্গীয়া বংশধৰসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ আঁতধৰে কেন্দ্ৰীয় তদর্থ সমিতিৰ মুখ্য সম্পাদক জয়ন্ত দিহিঙীয়াই৷

ইয়াৰ পিছতেই দিহিঙীয়া যুৱ চ'ৰা অনুষ্ঠানৰ উদ্বোধন কৰে পশ্চিম ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙীয়াই৷ অনুষ্ঠান পৰিচালনা কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দুলাল দিহিঙীয়া বৰুৱাই৷

সন্ধিয়া বৰ্নাঢ্য সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠিত হয়৷ উল্লেখ্য যে পৰবৰ্তী বৰ্ষৰ বাবে সদৌ দিহিঙীয়া বংশাৱলী,  অসমৰ নতুন সমিতিৰ সভাপতি হিচাপে সূৰজ দিহিঙীয়া আৰু মুখ্য সম্পাদক হিচাপে জয়ন্ত দিহিঙীয়াকে ধৰি এখনি ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়৷

ধেমাজি টাই আহোম