ডিজিটেল সংবাদ চিলাপথাৰঃ ধেমাজি জিলাৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলাজানৰ পৰা বগীবিল দলং পথলৈ গ্ৰাম্য পথৰ দুৰৱস্থাই জুৰুলা কৰিছে সৰ্বসাধাৰণক। আধাৰশিলা স্থাপনৰ তিনিটা বছৰৰ পিছতো সম্পূৰ্ণ নহ'ল কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই পথ।
৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলাজানৰ পৰা বগীবিল দলং পথলৈ এই গ্ৰাম্য পথটো পূৰ্বে বগীবিল দলঙৰ সেৱা পথ হিচাপে ব্যৱহাৰ হৈছিল। বছৰৰ পিছত বছৰ মেৰামতি নোহোৱাত পকী পথটো ভয়ানক ৰূপ ধাৰণ কৰিছে।
কুলাজান চাৰিআলিৰ পৰা কেবাৰংগ, পিয়াং,দাম্বোক,বৰচেলেক,কান্দুলি মথুৰা আদি অনেক গাঁৱৰ ৰাইজে ব্যৱহাৰ কৰি আহিছে এই পথ। পিছে নিতৌ হেজাৰ হেজাৰ মানুহে ব্যৱহাৰ কৰা এই গুৰুত্বপূৰ্ন পথটো বৰ্তমান শোচনীয় হৈ পৰিছে। এজাক সামান্য বৰষুণতেই কদৰ্য হৈ পৰা পথচোৱাৰে ব্যাহত হৈ পৰে যাতায়ত।
লক্ষণীয় যে,ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ জৰিয়তে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কান্দুলি মথুৰা হৈ কুলাজানলৈকে প্ৰসাৰিত পথ চোৱা নিৰ্মাণৰ বাবে ১,১০,০৫,১৬৪.৮৮ টকা আৱন্তন দিয়ে। নিৰ্মাণৰ কাম লাভ কৰে ঠিকাদাৰ ভৈৰৱ ভূঞাই।
২০২৩ চনৰ ২৬ এপ্ৰিলত মন্ত্ৰী অশোকানন্দ সিংঘালে আধাৰশিলাও স্থাপন কৰে। পিছে পৰিতাপৰ বিষয় নিৰ্মাণৰ নামত অ'ত ত'ত শিল বালি পেলাই কাম সামৰিলে বুলি ৰাইজে অভিযোগ কৰিছে।
জধে মধে পেলাই যোৱা শিল বালিৰ দ'মবোৰৰ বাবেই সংঘটিত হৈছে নিতৌ দুৰ্ঘটনা। ফলকতে ৰূপায়িত হৈ ৰ'ল কোটি টকা পথ নিৰ্মাণৰ আঁচনিখন। বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।
নিতৌ অজস্ৰ লোক,স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু পশুধন অহা যোৱা কৰা গুৰুত্বপূৰ্ণ পথটো শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা ল'বলৈ ৰাইজে দাবী জনাইছে।