জোনাইত আছুৰ ত্রয়োবিংশতিতম ৰঙালী বিহু সন্মিলন উদযাপন...

জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জোনাইবাসী ৰাইজৰ সহযোগত বৃহস্পতিবাৰৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ত্রয়োবিংশতিতম জোনাই ৰঙালী বিহু সন্মিলনখনি আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
New Update
জোনাইত আছুৰ ত্রয়োবিংশতিতম ৰঙালী বিহু সন্মিলন উদযাপন...

ডিজিটেল সংবাদ, ধেমাজিঃ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু জোনাইবাসী ৰাইজৰ সহযোগত বৃহস্পতিবাৰৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ত্রয়োবিংশতিতম জোনাই ৰঙালী বিহু সন্মিলনখনি আৰম্ভ হৈছে।

Advertisment

এই উপলক্ষে আছু আৰু জোনাই ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিয়ে আটকধুনীয়া মঞ্চ, মণ্ডপ আৰু তোৰণ নিৰ্মাণ কৰিছে ।

ত্রয়োবিংশতিতম জোনাই ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত মূল তোৰণ উন্মোচন কৰে সাংবাদিক তথা জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগুৰ দ্বাৰা ।

ইয়াৰ পিছত সদৌ অসম ছাত্ৰ সন্থা পতাকা জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উজ্জ্বল লাগাছু আৰু বিহু পতাকা উদযাপন সমিতিৰ সভাপতি ড0 সুখলতা ফুকন গগৈৰ দ্বাৰা উত্তোলন কৰাৰ পিছত ছহিদ তৰ্পণ শুভাৰম্ভ কৰে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক লোহিত গজমেৰে।

ইয়াৰ পিছত পৰম্পৰাগত খেল প্রতিযোগিতা আৰম্ভ কৰা হয়। ইপিনে বিশিষ্ট নাগৰিক ধৰ্মকান্ত গগৈৰ দ্বাৰা বিহু মঞ্চ উদ্বোধন কৰাৰ পিছত সৰু বিহুৱৰ্তী, মাজু বিহুৱৰ্তী, বিহুৱতী আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

ইপিনে অহা কালি লৃগাং মৃমবৃৰ প্ৰতিযোগিতা, জেং বিহু, হুঁচৰি আদি প্রতিযোগিতা অনুষ্ঠিত কৰা হ'ব। সন্ধিয়া অনুষ্ঠিত হ'বলগা বঁটা বিতৰণী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহাইৰ লগতে বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব।

অসম উন্নতি সভাৰ প্ৰাক্তন সভাপতি তথা সহকাৰী অধ্যাপক প্ৰয়াত ভূপেন চন্দ্ৰ পেণ্ডৰ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া যশস্বী কণ্ঠশিল্পী তৰাৱতী মিলি বৰিয়ে উদ্বোধন কৰিব।

ত্রয়োবিংশতিতম জোনাই ৰঙালী বিহু সন্মিলনখনি সফলতাৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলো বিহুপ্ৰেমী ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিত জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উজ্জ্বল লাগাছু, সাধাৰণ সম্পাদক লোহিত গজমেৰ, সাংস্কৃতিক সম্পাদক ৰীমা ৰাজবংশী, উদযাপন সমিতিৰ সভাপতি ড0 সুখলতা ফুকন গগৈ, কাৰ্যকৰী সভাপতি গৌতম পেগু, সম্পাদক হোমেন পেগু আৰু ৰঞ্জিত বসুমতাৰীয়ে কামনা কৰিছে ।

Also Read: ফাট বিহুক লৈ নব্য ৰূপেৰে প্ৰাণ পাইছে চাৰিকঢ়িয়াৰ পাৰৰ মহঘুলি চাপৰিয়ে..

# ASSU Bihu bihu clebration