/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0c92b255-98b4-4c06-8403-4f7dc29b6644/Path.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ: এগৰাকী বিশিষ্ট ব্যক্তিৰ নামত পথ নামাকৰণ কৰিলে চিলাপথাৰবাসীয়ে। চিলাপথাৰৰ জোনাকী নগৰৰ পৰা মৈথাবাৰী লৈকে প্ৰসাৰিত ব্যস্ততাপূৰ্ণ উপ-পথচোৱাক ন-কৈ পৰিচয় দিলে অঞ্চলবাসীয়ে।
বিশিষ্ট ব্যক্তি প্ৰয়াত চন্দ্ৰ দিহিঙীয়াৰ নামত উক্ত পথচোৱাৰ নামাকৰণ কৰে। জোনাকী নগৰৰ পৰা নতুন মিচিং গাওঁলৈকে প্ৰসাৰিত প্ৰায় ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পুৰনি পথচোৱা মাংগলিক নিয়মৰ মাজেৰে ফলক স্থাপন কৰি নামাকৰণ কৰা দেখা যায়।
ৰাইজৰ সহায়ক হোৱাৰ বাবে পথচোৱাৰ আৰম্ভণিতে বিশেষ অৰিহনা আগবঢ়াইছিল প্ৰয়াত দিহিঙীয়াই। লগতে আমৃত্যু পৰ্যন্ত বিভিন্ন ৰাজহুৱা কাম-কাজত অৱদান আগবঢ়াই যোৱাত প্ৰয়াত দিহিঙীয়াৰ নামত পথচোৱাৰ নামাকৰণ কৰে।
উল্লেখ্য যে, ৰাইজৰ এই সিদ্ধান্তত আনন্দিত হোৱা বুলি মন্তব্য কৰিছে চিলাপথাৰ পৌৰ সভাৰ ৱাৰ্ড কমিচনাৰ আদিত্য সোনোৱাল আৰু চিলাপথাৰ নগৰ হাইস্কুলৰ সহকাৰী শিক্ষক পুৰ্নকান্ত প্ৰধানে।
Also Read: 10 Best Tea Estates In Assam: অসমৰ পৰিচয় বহন কৰা চাহ বাগিচাসমূহ