/asomiyapratidin/media/media_files/2025/04/07/UYi6EzOsIqpLOSjYoDnn.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতিত যোৱা নিশা ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হৈ দুজনকৈ যুৱকৰ মৃত্যুৰ লগতে গুৰুতৰভাৱে আহত হ'ল আন দুজন যুৱক। ঘটনাৰ প্ৰাপ্ত বিৱৰণী অনুযায়ী চিলাসুতিৰ ৰাজকুমাৰ ৰেগণৰ পুত্ৰ ৰাহুল ৰেগনে (১৭) আন তিনিজন সমনীয়াৰ সৈতে লিকাবালিত মালিনীমেলা চাবলৈ যায়।
নিশা প্ৰায় ১ বজাত মেলা উপভোগ কৰি দুখন বাইকত চাৰিজন যুৱক ঘৰলৈ উভতি আহি থকা সময়তে ৰাহুলৰ ঘৰৰ কাষতে প্ৰচণ্ড দুৰ্ঘটনা সংগঠিত হয়। ঘটনাত থিতাতে নিহত হ'ল চিলাসুতিৰ ৰাহুল ৰেগন।
/asomiyapratidin/media/media_files/2025/04/07/eASGGuLfAWMrL7vesvBm.jpeg)
চিকিৎসালয়ত নিহত হ'ল চিমেন চাপৰি ৰংপুৰীয়াৰ ধৰ্মেশ্বৰ হাজং। গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে আন দুজন বাইক আৰোহী।
আজি বিয়লি মৰণোত্তৰ পৰীক্ষাৰ পিছত ৰাহুলৰ মৃতদেহ আহি ঘৰত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ গাঁওখনত কান্দোনৰ ৰোল উঠে। পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান ৰাহুলৰ অকাল মৃত্যুত হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত।
/asomiyapratidin/media/media_files/2025/04/07/zhti9LqavaOTqA0AxiBF.jpeg)
সন্ধিয়া এক শোকাকুল পৰিবেশৰ মাজত গাওঁবাসীয়ে ডিমৌ নদীৰ পাৰত সম্পন্ন কৰে ৰাহুলৰ শেষ কৃত্য।একেদৰে চিমেন ৰংপুৰীয়াৰ টেকেলা হাজঙৰ পুত্ৰ ধৰ্মেশ্বৰ হাজঙৰ (১৭) অকাল মৃত্যুৰ ঘটনাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত।
সকলোৰে প্ৰিয় কিশোৰজনৰ আকস্মিক মৃত্যুৰ খবৰে ৰাইজক স্তম্ভিত কৰি তুলিছে। মালিনী মেলাৰ আনন্দ লৈ ঘৰমুৱা পথত সংঘটিত দুৰ্ঘটনাত দুজনক উঠি অহা কিশোৰৰ মৃত্যুৰ ঘটনাত মৰ্মাহত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। নিহতৰ স্বৰ্গগত আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে চিকিৎসাধীন আহতৰ আশো আৰোগ্য কামনা কৰিছে মিছিং স্বায়ত্ব পৰিষদৰ সদস্য কনক দলেই।