/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/a4u23u7q/233.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰ : অৰুণাচল প্ৰদেশৰ সৈনিক স্কুল পূব ছিয়াঙৰ পাছিঘাটত সৈনিক স্কুলত মঙলবাৰে একেলগে উদযাপন কৰা হয় ৰাইজিং ডে, শিক্ষক দিৱস আৰু বায়ুসেনা দিৱস। য'ত অৰুণাচল প্ৰদেশৰ মুখ্য তথ্য আয়ুক্ত মেজৰ জেনেৰেল জাৰ্কেন গামলিন (এভিএছএম,এছএম,ভিএছএম) (অৱসৰপ্ৰাপ্ত) মুখ্য অতিথি হিচাপে আৰু সামৰিক ষ্টেচন, লেখাবলীৰ সেনা শিক্ষা বিষয়া লেফটেনেণ্ট কাৰ্লান শ্যামালি আৰ্য্যও উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/6f3ctdo7/f364acff-424b-4ada-87dc-ddfa31d09827.jpg)
কাৰ্যসূচীৰ পূৰ্বে তথ্য আয়ুক্ত গমলিনে বিদ্যালয় চৌহদত নিৰ্মাণ কৰা নতুন হোষ্টেল ভৱনটো উদ্বোধন কৰে। এই কাৰ্যসূচীৰ সময়ত বিদ্যালয়খনৰ কেডেটসকলে উপস্থাপন কৰা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি সন্তুষ্টি প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/etcug949/f81b9164-e8aa-4ba9-a14a-e8d146da9792.jpg)
উক্ত কাৰ্যসূচীত মেট্ৰিক পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক সন্মান জনোৱাৰ লগতে বিদ্যালয়খনৰ কেডেটসকলকো সন্মানিত কৰা হয়। লগতে সমাজ বিজ্ঞানৰ শিক্ষয়িত্ৰী ক্ৰীষ্টিনা আয়ৰিঙক ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে “শ্ৰেষ্ঠ শিক্ষয়িত্ৰী বঁটা” প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/mt1bx1ep/32859850-f291-4d3a-8576-a58bfb77462f.jpg)
অৰুণাচল প্ৰদেশৰ মুখ্য তথ্য আয়ুক্ত মেজৰ জেনেৰেল জাৰ্কেন গামলিনে ভাষণত স্কুলৰ কেডেটসকলক সেনাবাহিনীত থকা সময়ছোৱাত তেওঁৰ অভিজ্ঞতাৰ বিষয়ে ব্যক্ত কৰি ভাৰতীয় সেনাবাহিনীত যোগদানৰ বাবে অনুপ্ৰাণিত কৰে। লগতে তেওঁ কয় যে যেতিয়াই সুযোগ পায় তেতিয়াই সৈনিক স্কুল ভ্ৰমণ কৰিবলৈ আহিব বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/irlxwfb2/216713e3-ae7a-4ef9-905a-89ef51e0804d.jpg)
সৈনিক স্কুল ইষ্ট ছিয়াঙৰ প্ৰধান অধিনায়ক প্ৰবীণ কুমাৰ পোলাই ভাষণত কয় যে বিদ্যালয়খন সুচাৰুৰূপে চলাবলৈ আৰু কেডেটৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবে ২০ জন নতুন কেডেটক স্কুলৰ অধিনায়ক,মেছ কেপ্তেইন, ক্ৰীড়া অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে আৰু আন বহু বিভাগক দায়িত্ব দিয়া হৈছে। তেওঁ মুখ্য অতিথিক বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ সময়সীমা আৰু বৰ্তমানৰ অৱস্থাৰ বিষয়েও কয়।