অৱসৰপ্ৰাপ্ত শিক্ষক,সমাজ কৰ্মী ভূধৰ চাংমাইৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ...

ধেমাজি জিলা আহোম সভাৰো প্ৰাক্তন সভাপতি আছিল চাংমাই

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত শিক্ষক,সমাজ কৰ্মী ভূধৰ চাংমাইৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ...

অৱসৰপ্ৰাপ্ত শিক্ষক,সমাজ কৰ্মী ভূধৰ চাংমাইৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ...

ডিজিটেল সংবাদ ধেমাজি: অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ কৰ্মী তথা ধেমাজি জিলা আহোম সভাৰ প্ৰাক্তন সভাপতি ভূধৰ চাংমাইৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ পৰিছে। ৭৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা চাংমায়ে সুদীৰ্ঘ কালৰ শিক্ষকতাৰ অন্তত ২০০৮ চনত শ্ৰীপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

Advertisment

সমাজৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা চাংমাই মৰিধল হাইস্কুলৰ প্ৰতিষ্ঠাৰ সৈতেও জড়িত হৈ প্ৰতিষ্ঠাপক শিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল। তাৰোপৰি তেওঁ ধেমাজি বি এড কলেজ, মৰিধল মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল।

তেওঁ ধেমাজি জিলা আহোম সভাৰ সভাপতি হিচাপে যথেষ্ট দক্ষতাৰে দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত ধেমাজিৰ ভিন্ন দল, সংগঠন তথা ব্যক্তি বিশেষে শোক প্ৰকাশ কৰিছে।

Also Read: ১৮ আগষ্টত উদ্বোধন হ'ব 'বিদ্যা দ্যা লিভিং স্কুল' পুথিভঁৰাল...

মৰিধল মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক