/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2b1b328a-e035-4cd3-8a6b-90d79fca3736/94.jpg)
ডিজিটেল সংবাদ,ধেমাজি : অহা বৰ্ষৰ ২৭,২৮ আৰু ২৯ জানুৱাৰীত ৩দিনীয়াকৈ শিৱসাগৰ জিলাৰ মেচাগড়ত বৰগোহাঁই বংশাৱলী অনুষ্ঠানৰ দিহা কৰা হৈছে। সেই উদ্দেশ্যে দেওবাৰে ধেমাজি ছোৱালী মহাবিদ্যালয়ত সদৌ বৰগোহাঁই বংশাৱলীৰ এখনি প্ৰতিনিধিত্ব মূলক সভা অনুষ্ঠিত কৰা হয় ৷
এই সভাত সভাপতিত্ব কৰে বৰগোহাঁই বংশাৱলীৰ স্মৃতি গ্ৰন্থৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক নন্দেশ্বৰ বৰগোহাঁইয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰগোহাঁই বংশাৱলীৰ মণ্ডল সমন্বয়ক প্ৰফুল্ল বৰগোহাঁইয়ে ৷
লখিমপুৰ আৰু ধেমাজি জিলাৰ মুঠ ১৩ খন আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ লগতে সদৌ বৰগোহাঁই বংশাৱলীৰ সভাপতি মুহি বৰগোহাঁইয়ে উপস্থিত থকা প্ৰতিনিধিত্বমূলক সভাত বৰগোহাঁই বংশলতিকা আৰু আৰ্থসামাজিক সমীক্ষাৰ সম্পৰ্কে আলোচনা কৰা হয়। লগতে বংশাৱলীৰ শতবৰ্ষ অনুষ্ঠানত প্ৰকাশ পাব লগা স্মৃতি গ্ৰন্থ ( খামৰাপ )ৰ বাবে অহা মাহৰ ১৫ ডিচেম্বৰৰ আগেয়েই লিখনিসমূহ প্ৰেৰণৰ বাবে উদ্যোক্তাই আহ্বান জনায় ৷ সভাই ইয়াৰ পৰবৰ্তী বৈঠকখন অহা ১৭ ডিচেম্বৰত গোগামুখৰ সোৱণশিৰি মহাবিদ্যালয়ত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰে ৷
Also Read: দিশপুৰৰ বিধায়ক আৱাসত গুলীৰ চিহ্ণ