/asomiyapratidin/media/media_files/2025/03/13/ObMW2XQbsAB7twdYcQHs.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ‘‘২০৪৭ চনত অসমে ভাৰতক নেতৃত্ব দিব তাৰ বাবে লক্ষ্য নির্ধাৰণ কৰা হৈছে। এইবাৰ আমাৰ চৰকাৰে ১.৬ লাখ কোটি টকাৰ প্ৰাক্-কলিত বাজেট দাখিল কৰা হৈছে’’। -এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷
বৃহস্পতিবাৰে ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত অংশগ্ৰহণ কৰি ডাঃ পেগুৱে কয় যে, পুঁজিৰ এই পৰিমাণ আৰু বাঢ়িব। আমাৰ চৰকাৰে এইবাৰ ৮ হেজাৰ কোটি টকা কন্টিজেন্সী পুঁজিত ৰাখিছে। এই পৰিমাণো বাঢ়িব।
আমাৰ চৰকাৰৰ লক্ষ্য হ'ল উন্নয়ন। সমাজৰ প্ৰতিজন লোকৰ উন্নয়নৰ লক্ষ্যৰে আমাৰ চৰকাৰে বাজেটত প্রস্তাৱ কৰিছে। এই বাজেটে অসমৰ দুখীয়া-দৰিদ্ৰ লোক, মহিলা, কৃষক সকলোকে সকাহ দিব। অসমক শক্তিশালীভাবে আগুৱাই নিব।
আমাৰ চৰকাৰে গ্ৰহণ কৰা বৃহৎ পৰিমাণৰ ঋণক লৈ মিছা প্ৰচাৰ চলোৱা বুলি উল্লেখ কৰে। চৰকাৰৰ ৰাজহ ব্যয় বৃদ্ধি হোৱা বুলি বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰত ডাঃ পেগুৱে কয়, 'ৰাজহ ব্যয় আমাৰ শিক্ষাখণ্ডত বৃদ্ধি হৈছে। স্বাস্থ্য খণ্ডত বৃদ্ধি হৈছে। আমাৰ চৰকাৰে ছোৱালীক স্কুটী দিছে। তাৰ ফলত শিক্ষা গ্রহণত ছোৱালীৰ সুবিধা হৈছে।
নিযুত মইনা আঁচনি কৰিছে শিক্ষাৰ বিস্তাৰৰ বাবে। সংখ্যালঘু মহিলাৰ মাজতো শিক্ষাৰ প্ৰসাৰ হ'ব লাগিব। অৰুণোদয়ত এইবাৰ পাঁচ হেজাৰ কোটি টকা ধাৰ্য কৰা হৈছে৷ অসমে ঋণ গ্ৰহণৰ নামত অপপ্ৰচাৰ চলিছে বুলিও তেওঁ মন্তব্য কৰে।
তেওঁ কয় যে অসমক যাতে কোনেও 'লাহে লাহেৰ দেশ' বুলি ক'ব নোৱাৰে, সেই লক্ষ্যৰে কাম কৰিবলৈকে চৰকাৰে ঋণ লৈছে। চলিত বিত্তীয় বর্ষত অসম চৰকাৰে ৫.৭ শতাংশ ঋণ গ্রহণ কৰে। অথচ ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণৰ ভিত্তিত ২০২৪-২৫ৰ বাজেটত সর্বাধিক ৩.৫ শতাংশহে ঋণ গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।
সেই হাৰ বাস্তৱত ৫.৭ শতাংশলৈ বৃদ্ধি হৈছে বুলি ডাঃ পেগুৱে উল্লেখ কৰে৷ সংবাদ মেলত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা বিজেপিৰ সভাপতি ৰূপা কামান, ধেমাজি টাউন মণ্ডলৰ সভাপতি বলিন গগৈ আদিও উপস্থিত থাকে৷