জিলা প্ৰশাসনৰ সহযোগত ধেমাজিত ৰাভা দিৱস উদযাপন...

জিলা প্ৰশাসনৰ সহযোগত ধেমাজিত ৰাভা দিৱস উদযাপন...

author-image
Asomiya Pratidin
New Update
জিলা প্ৰশাসনৰ সহযোগত ধেমাজিত ৰাভা দিৱস উদযাপন...

ডিজিটেল সংবাদ,ধেমাজিঃ অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে ৰাভা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিয়লি ৪ বজাত ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰে বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷

Advertisment

ইয়াৰ পিছতেই জিলা প্ৰশাসনৰ হৈ ৰাভাৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনাই ধেমাজি জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন,অতিৰিক্ত জিলা আয়ুক্ত দ্বয় যাদৱ পেগু আৰু ঋতুপল্লৱ বৰুৱাই ৷ জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে আদৰণি ভাষণ দিয়ে ৷

অনুষ্ঠানত ধেমাজি সদৰ মহকুমাধিপতি (সদৰ) নন্দিতা ৰয় গোহাঁই, সহকাৰী ক্ৰমে আয়ুক্ত জলি দাস,সহকাৰী আয়ুক্ত সীমা দেৱী ইয়েন, গুনমনি বৰুৱা,আৰু প্রীতিৰেখা গগৈয়ে ৷ অনুষ্ঠানত বিশিষ্ট শিল্পী ড° বনজিৎ ভট্টকে ধৰি বহু কেইবাগৰাকী শিল্পীয়ে ৰাভা সংগীত পৰিবেশন কৰি শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ সন্ধিয়ালৈ ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰে ৷

Also Read: শ্ৰীনগৰৰ পৰা দেশবাসীক যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ...

Rabha divos