চিলাপথাৰ ডিমৌ ছিনিয়ৰ ছেকেণ্ডাৰীত বিষ্ণু ৰাভা দিৱস পালন...

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৬ সংখ্যক জন্ম দিৱসৰ উপলক্ষত অনুষ্ঠিত দিৱসৰ কাৰ্যসূচী মতে পোনতে কলাগুৰুৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পনৰ আৰু বন্তি প্ৰজ্বলন কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1dg

ডিজিটেল সংবাদ,চিলাপথাৰঃ   সমগ্ৰ ৰাজ্যৰ লগতে আজি চিলাপথাৰৰ ডিমৌ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলটো ৰাভা দিৱস পালন পালন কৰা হয়। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৬ সংখ্যক জন্ম দিৱসৰ উপলক্ষত অনুষ্ঠিত দিৱসৰ কাৰ্যসূচী মতে পোনতে কলাগুৰুৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পনৰ আৰু বন্তি প্ৰজ্বলন কৰা হয়।

ইয়াৰ পিছতে অনুষ্ঠানৰ অধ্যক্ষ জয়ন্ত মিলিৰ সঞ্চলনাত আৰু ছাত্ৰ গোটৰ সম্পাদক ৰাহুল তিমছিনাৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হ'ল বিশেষ কাৰ্যসূচী। বিষয় শিক্ষক মহাবীৰ প্ৰসাদ মালাহ, উমাকান্তী দলে, গীতাঞ্জলি পেগুৰ সঞ্চালনাত আৰম্ভ হ'ল বিষ্ণু ৰাভাৰ সম্পৰ্কৃত মুকলি কুইজ প্ৰতিযোগিতাৰ লগতে ছাত্ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰে গীত নৃত্য।

অনুষ্ঠানৰ উপস্থিত জনপ্ৰিয় শিল্পী অনন্ত মিলিয়ে পৰিবেশন কৰে মহান শিল্পী ৰাভাৰ বহুতো কালজয়ী গীত। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত চিমেন চাপৰি কলেজৰ সহকাৰী অধ্যাপিকা ড০ ৰুণু গগৈয়ে, নিপিড়ীত শোসিত কৃষিজীৱি অসমীয়াৰ বলিষ্ঠ কণ্ঠ বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মানুহৰ হিতৰ হকে কাম কৰি যাবলৈ ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায়।

অনুষ্ঠানত উপস্থিত থাকে স্থানীয় সাংবাদিক বসন্ত ফোৱেল,সাংবাদিক মনিকান্ত টায়েৰ লগতে স্থানীয় অভিভাৱকৰ লগতে অনুষ্ঠানৰ সকলো শিক্ষক,কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী।

বিষ্ণু ৰাভা দিৱস