/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e13cf0c6-a9d9-4fe7-b679-638f25560520/cfdff.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি নগৰৰ ৬ নম্বৰ ৱাৰ্ড কোলাপথাৰৰ নিবাসী তথা পশ্চিম ধেমাজি চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ জ্যেষ্ঠ বিষয় শিক্ষক পূৰ্ণ চমুৱা (৫৫)ৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। গুৱাহাটীৰ জালুকবাৰীত বুধবাৰে সন্ধিয়া গাড়ীয়ে খুণ্ডিওৱাৰ ফলত মৃত্যু হয় তেওঁৰ। চমুৱাৰ মৃত্যুয়ে গৃহস্থান ধেমাজি আৰু কৰ্মস্থান পশ্চিম ধেমাজি অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে ৷
উল্লেখ্য যে ১৭ জুলাইত পৰিয়ালৰ সৈতে চমুৱাই কাৰ্যালয়ৰ কামত গুৱাহাটীলৈ গৈছিল। কালি দিনটো কাৰ্যালয়ৰ কাম-কাজ কৰি গুৱাহাটীত পঢ়ি থকা ভাগিনীয়েকৰ ঘৰৰ পৰা বজাৰ কৰিবলৈ বুলি সন্ধিয়া প্ৰায় ৭ মান বজাত ওলাই গৈছিল।
পত্নীৰ সৈতে ওলাই অহা অৱস্থাতেই জালুকবাৰীত গাড়ীয়ে দুয়োজনকে খুণ্ডিয়াই গুৰুতৰ ভাৱে আহত কৰে ৷ ঘটনাৰ পিছতেই আৰক্ষীয়ে দুয়োজনকেই ততাতৈয়াকৈ গুৱাহাটী এপলো হস্পিতালত ভৰ্তি কৰে ৷
চিকিৎসালয়ে পতি-পত্নীক চিকিৎসা চলে। অৱশেষত নিশালৈ পত্নী গৰাকীৰ সংকটমুক্ত হয় যদিও বৃহস্পতিবাৰে পুৱা ৪.০০ বজাত শিক্ষক পূৰ্ণ চমুৱা মৃত বুলি চিকিৎসকে ঘোষণা কৰে ৷
মৰণোত্তৰ পৰীক্ষাৰ অন্তত চমুৱাৰ মৃতদেহ পৰিয়ালবৰ্গই বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ পৰা ধেমাজিলৈ লৈ ৰাওনা হয়৷
১৯৬৮ চনৰ ১৮ জানুবাৰীত ঢকুৱাখনা বৰটেঙানীত জন্ম গ্ৰহণ কৰা পূৰ্ণ চমুৱাই ১৯৮৪ চনত ঢকুৱাখনা জামুকগুৰি হাইস্কুলৰ পৰা মেট্ৰিক ,১৯৮৬ চনত ঘিলামৰা নৰ্থবেংক মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক ,১৯৯০ চনত ধেমাজি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৯৯২ চনত সমাজতত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । অতি সহজ সৰল চমুৱাই মৃত্যু সময়ত পত্নীৰ সৈতে এটি ল'ৰা সন্তান,এটি কন্যা লগতে পৰিয়ালৰ এনেকজনক এৰি গৈছে ৷