/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/44909b8b-e4e2-4641-a93e-1ba6438bf511/dhemaji.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা অসম চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলাৰ সমিতিৰ কৰ্মীসকলে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । হাতে-হাতে বেনাৰ পোষ্টাৰ, প্লে'ৰ্কাড লৈ মূলবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হুচিয়াৰ, যোগান বিভাগ হায় হায় ইত্যাদি শ্লো'গানেৰে সমদল কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধেমাজি চাৰি আলি লৈকে নগৰখন উত্তাল কৰি যোগান বিভাগৰ শ্মশানযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9dc781b4-5c4d-468b-8cb9-d8483e6e72ce/2b917381_a107_46de_b434_e9c72eb6a8ff.jpg)
কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদস্থলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাত উপস্থিত থাকি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা আৰু জিলা সমিতিৰ সাধাৰণ সম্পাদক হিতেশ বাইলুঙে মন্তব্য প্ৰদান কৰে । দুয়োগৰাকী প্ৰতিবাদকাৰীয়ে ৰাজ্য চৰকাৰৰ যোগান বিভাগে মূল্য বৃদ্ধি নিয়ন্ত্ৰন ব্যৰ্থ হোৱা অভিযোগ তুলে । লগতে চৰকাৰখনে কেৱল হিতাধিকাৰী সৃষ্টি কৰি সৰ্বসাধাৰণ জনতাৰ মূৰতেই ৰামটাঙোন মৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9a817d01-3744-4e83-a24c-5565cc0969f7/64e0d0cd_ec56_47f9_b6b7_4c0140d97506.jpg)
Also Read: নলবাৰীলৈ লৈ যোৱা হ'ল বহু বিতৰ্কিত আৰক্ষী বিষয়া বিমান ৰয়ক...