পৌৰকৰ বাতিলৰ দাবীত ধেমাজি পৌৰসভাৰ কাৰ্য্যালয় ঘেৰাও...

পৌৰকৰ বাতিলৰ দাবীত ধেমাজি পৌৰসভাৰ কাৰ্য্যালয় ঘেৰাও...
পৌৰকৰ বাতিলৰ দাবীত ধেমাজি পৌৰসভাৰ কাৰ্য্যালয় ঘেৰাও...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি পৌৰসভাই পৌৰ এলেকাৰ ১০ টা ৱাৰ্ডত বসবাস কৰা নাগৰিকসকলৰ ওপৰত আৰোপ কৰা বৰ্ধিত কৰ সন্দৰ্ভত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে ধেমাজি পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদীলোকসকলে তেজ দিম কৰ নিদিও, বিজেপি চৰকাৰ হায় হায়, পৌৰসভা মুৰ্দাবাদ, ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ প্ৰায় দুই শতাধিক নেতা-কৰ্মীয়ে সোমবাৰে ধেমাজি পৌৰসভাৰ কাৰ্য্যালয় ঘেৰাও কৰি ধেমাজি পৌৰ সভাই ৱাৰ্ডবাসী ৰাইজৰ বাবে ন্যূনতম সা-সুবিধাকনো প্রদান কৰাত ব্যৰ্থতাৰ অভিযোগ তুলি কাৰ্য্যসূচীৰ অন্তত কাৰ্যবাহী বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

এ জে ৱাই চি পিৰ জিলা সমিতিৰ সম্পাদক হিতেশ বাইলুঙে কয় যে, সম্প্ৰতি অসম চৰকাৰে অসমৰ পৌৰ নিগম আৰু পৌৰসভাৰ অন্তগত গৃহ কৰকে আদি কৰি অনান্য কৰসমূহ অভাৱনীয় হাৰত বৃদ্ধি কৰাৰ প্রস্তাব গ্রহণ কৰিছে। অতি পৰিতাপৰ বিষয় এই যে পৌৰ কৰ বৃদ্ধিৰ পূর্বে বিভাগীয় কর্তৃপক্ষই প্রতিখন পৌৰসভাত স্থানীয় ভাৱে ৰাজহুৱা শুনানি আৰু ৰাজহুৱা আপত্তি মুকলিকৈ গ্ৰহণ কৰিব লাগিছিল যদিও কৌশলৰে জাননী বা অভিযোগৰ প্ৰতি কোনো গুৰুত্ব নিদি কেৱল পৌৰ কৰ বৃদ্ধিৰ প্রস্তাৱ গ্রহণ কৰাতহে ব্যস্ত থাকে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে চৰকাৰৰ এনে জনবিৰোধী কাৰ্য্যক গৰিহণা জনাইছে ৷ অসম চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে পৌৰ কৰ সন্দৰ্ভত জাৰি কৰা জাননী বাতিল কৰাৰ লগতে সামগ্রিকভাৱে পৌৰ কৰ বৃদ্ধি প্রস্তাৱ তৎকালেই বাতিল কৰা আৰু অসম পৌৰসভা আইনক (১৯৫৬) সন্মান জনাই নতুন পৌৰ কৰ ধাৰা কৰাৰ পূৰ্বে সংশ্লিষ্ট পৌৰসভাৰ বিষয়া কৰ্মচাৰীৰ দ্বাৰা জৰীপ কৰোৱাই তাৰ ভিত্তিত কৰৰ নিৰিখ ধাৰ্য্য কৰাৰ লগতে সেই নিৰিখ চূড়ান্ত কৰাৰ পূৰ্বে এমাহৰ সময় দি ৰাজহুৱা শুনানী আৰু ভাৰ আপত্তি গ্ৰহণৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

পৌৰকৰ বাতিলৰ দাবীত ধেমাজি পৌৰসভাৰ কাৰ্য্যালয় ঘেৰাও...
কলিয়াবৰৰ শিশু বিজ্ঞানীৰ চমকঃ চিংগাপুৰ ভ্ৰমণৰ সুযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in