/asomiyapratidin/media/media_files/2025/06/03/dxF7c2wvxH8GlTDpzgpr.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ উত্তৰ অসমত পুনৰ আৰম্ভ হৈছে নদীবান্ধ বিৰোধী আন্দোলন। নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ বৃহৎ নদী বান্ধ ভাঙি দিয়াৰ লগতে অৰুণাচলত নিৰ্মাণ কৰি থকা ১৩৪ টা বৃহৎ নদী বান্ধৰ কাম বন্ধ কৰাৰ দাবীত মঙলবাৰে ৰাইজৰ দল, জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনীৰ জিলা সমিতিৰ কৰ্মীসকলৰ উদ্যোগত ধেমাজি তিনিআলিত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
এই প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে৷ ইয়াৰ পূৰ্বে তিনিও সংগঠনৰ কৰ্মীসকলে ধেমাজি নগৰখনৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এন এইছ পি চিৰ আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে৷
প্ৰতিবাদী কাৰ্য্যসূচীত জাতীয় যুৱ বাহিনী কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাঁই লখিমপুৰ ৰঙানদীত নদী বান্ধৰ ফলত সৃষ্টি হোৱা ভয়াৱহ বানৰ বিষয়ে বৰ্ণনা কৰি ৰাইজৰ দুখ দুৰ্গতিৰ বিষয়ে উল্লেখ কৰে৷ যুৱ বাহিনী বিষয়ববীয়াগৰাকীয়ে লখিমপুৰত হোৱা বিধংসী বানৰ বাবে নীপকো আৰু বিজেপিৰ চৰকাৰকেই তীব্ৰ সমালোচনা কৰে৷
প্ৰতিবাদী কাৰ্য্যসূচীত জাতীয় যুৱ বাহিনীৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰাঞ্জিত বুঢ়াগোহাঁই, সাধাৰণ সম্পাদকদ্বয় বিকি দেউৰী, হীৰক দত্ত আৰু কাৰ্য্যকৰী সভাপতি ৰুবুল বুঢ়াগোহাঁই, ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বীৰেন্দ্ৰ গগৈ, ৰাইজৰ দলৰ জিলা সমিতিৰ সভাপতি আনন্দ দলে আৰু জাতীয় নাৰী বাহিনীৰ জিলাৰ সভানেত্ৰী টুটুমনি শইকীয়া আৰু সাধাৰণ সম্পাদিকা মঞ্জু গগৈ দত্তয়ে অংশগ্ৰহণ কৰে৷