বিশ্ব দিব্যাংগ দিৱস উদযাপনৰ লগতে প্ৰেৰণা বঁটা-২০২৩ প্ৰদান

বিশ্ব দিব্যাংগ দিৱস উদযাপনৰ লগতে প্ৰেৰণা বঁটা-২০২৩ প্ৰদান

author-image
Asomiya Pratidin
New Update
বিশ্ব দিব্যাংগ দিৱস উদযাপনৰ লগতে প্ৰেৰণা বঁটা-২০২৩ প্ৰদান

ডিজিটেল সংবাদ ,ধেমাজি: সমগ্ৰ দেশৰ লগতে ধেমাজিতো সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত ধেমাজি টাউন বিদ্যাপীঠ হাইস্কুলত দেওবাৰে বিশ্বৰ দিব্যাং দিৱস উদযাপন কৰা হয় । এই উপলক্ষে সমগ্ৰ শিক্ষা ধেমাজি জিলাখনৰ তিনিটা শিক্ষাখণ্ডত সুকীয়া সুকীয়াকৈ ৩ দিনীয়া কাৰ্যসূচীৰে বিশ্বৰ দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি সজাগতা সভা ,বৃক্ষৰোপণ,স্বাস্থ্য পৰীক্ষা, সাংস্কৃতিক অনুষ্ঠান ইত্যাদি কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

Advertisment

অনুষ্ঠানত জিলাখনৰ দুগৰাকী দিব্যাং কৃৰ্তী শিক্ষাৰ্থী বুদ্ধিজিত পেগু আৰু মিথুৰানী নাজাৰীক আনুষ্ঠানিকভাৱে প্ৰেৰণা বঁটা ২০২৩ প্ৰদান কৰা হয় ৷ উল্লখ্য যে কৃৰ্তী শিক্ষাৰ্থী বুদ্ধিজিত পেগুৱে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দিব্যাং শিশু সকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছিল ৷

দুই কৃৰ্তী ছাত্ৰ -ছাত্ৰী আগবঢ়োৱা এই প্ৰেৰণা বঁটাত একোটাকৈ স্মাৰ্ট টি. ভি , প্ৰমাণ পত্র,কিতাপৰ টোপোলা প্ৰদান কৰা হয় । সভাত জিলাখনৰ দুই আদৰ্শ শিক্ষক ক্ৰমে মুহিৰাম বৰগোঁহাই আৰু বানাৰসী দলেকো স্মাৰক ,গামোচা আৰু মানপত্রৰে সন্মান জনোৱা হয় ।

সমগ্ৰ শিক্ষা ধেমাজি জিলাৰ আঁচনি বিষয়া অৱনী নাথে পৰিচালনা কৰা বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ধেমাজি ৰাজহ চক্রবিষয়া নেকিব বৰুৱা, সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া, চিচিবৰগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মৃদু পৱন চুতীয়া আৰু স্বাস্থ্য বিষয়া ডাঃ নবীন কলিতাৰ লগতে অনুষ্ঠানত দিব্যাং শিশু সকল ,পিতৃ- মাতৃ তথা অভিভাৱক আৰু সমগ্ৰ শিক্ষাৰ ধেমাজি বিষয়া কৰ্মচাৰী সকলোও উপস্থিত থাকে ৷

Also Read: আজি ঘোষণা হ'ব মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল