Advertisment

চিলি অসমীয়া আদৰ্শ বৰ নামঘৰৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰস্তুতি তুংগত...

চিলাপথাৰ অঞ্চলৰ এক পুৰণি সামাজিক আৰু আধ্যাত্মিক অনুষ্ঠান চিলি অসমীয়া আদৰ্শ বৰ নামঘৰৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ সমাৰোহ অহা ১২, ১৩ আৰু ১৪ মাৰ্চত অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
New Update
চিলি অসমীয়া আদৰ্শ বৰ নামঘৰৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰস্তুতি তুংগত...

ডিজিটেল সংবাদ, চিলাপথাৰ: ধেমাজি জিলাৰ চিলাপথাৰ অঞ্চলৰ চিলাসুতি পঞ্চায়তৰ এক পুৰণি সামাজিক আৰু আধ্যাত্মিক অনুষ্ঠান চিলি অসমীয়া আদৰ্শ বৰ নামঘৰৰ গৌৰৱোজ্জল সোণালী জয়ন্তী বৰ্ষ সমাৰোহ অহা ১২, ১৩ আৰু ১৪ মাৰ্চত অনুষ্ঠিত হ'ব। সীমান্তৱৰ্তী অঞ্চলটোৰ সামাজিক আৰু আধ্যাত্মিক দিশটো টনকীয়াল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বৰনামঘৰৰ প্ৰাংগনতে ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে এই সমাৰোহ।

Advertisment

সমাজকৰ্মী আদিৰাম চুতীয়াক সভাপতি,  ডিম্পল চুতীয়াক সম্পাদক, ধৰ্মেন্দ্ৰ বৰগোঁহাইক সহকাৰী সম্পাদক হিচাপে লৈ গঠিত মূল উদযাপন সমিতিৰ লগতে কেইবাখনো উপ-সমিতিয়ে অব্যাহত ৰাখিছে স্বৰ্ণ জয়িন্তীৰ পূৰ্ণ প্ৰস্তুতি। প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুযায়ী পূৱা ধৰ্মধজ্জা উত্তোলন, স্মৃতি তৰ্পণ, বন্তী প্ৰজ্বলনৰ পিছতে কৰা হ'ব বৃক্ষ ৰোপণ।

দুপৰীয়া ভাগৱত ভ্ৰমণৰ পিছতে ভাগৱত পাঠ আৰু ধৰ্মালোঁচনি অনুষ্ঠানত উপস্থিত থাকিব আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামী। সন্ধিয়া চিলি অসমীয়া গাঁও, ডিমৌ গোলাই আৰু ২ নং চিলি মহিলা সমাজে পৰিবেশন কৰিব দিহা নাম।

দ্বিতীয় দিনা সামূহিক চাফাইৰ পিছতে অনুষ্ঠিত হ'ব ভাওঁনা সবাহ, নাম প্ৰসংগ আৰু কীৰ্তন পাঠ। সুৰেন বুঢ়াগোহাঁইৰ সহযোগত অনুষ্ঠিত হ'বলগা কীৰ্তন পাঠ অনুষ্ঠানত শ্ৰী শ্ৰী নাহৰকটীয়া সত্ৰৰ সত্ৰাধিকাৰ উমেশ চন্দ্ৰ গোস্বামীয়ে পাঠক হিচাপে ভাগ ল'ব।

দ্বিতীয় দিনাৰ বিশেষ আকৰ্ষণ হ'ল "ত্ৰিপুৰাসুৰৰ বধ" আৰু "গয়াসুৰৰ শ্ৰীকৃষ্ণৰ পদ পদ্ম লাভ" শীৰ্ষক ভাওঁনা প্ৰদৰ্শন। স্বৰ্ণ জয়ন্তীৰ অন্তিম দিনটোৰ কাৰ্য্যসূচী মতে সামূহিক চাফাই, বন্তি প্ৰজ্বলন আৰু সত্ৰীয়া নৃত্য পৰিৱেশনৰ পিছতে অনুষ্ঠিত হ'ব মুকলি সভা।

আয়োজক সমিতিৰ সভাপতি আদিৰাম চুতীয়াই সভাপতিত্ব আৰু চিচিবৰগাঁও মহাবিদ্যালয়ৰ অধ্যাপক মৃদুপবন চুতীয়াই উদ্বোধন কৰা মুকলি সভাত উন্মোচন কৰা হ'ব এক স্মৃতিগ্ৰন্থ। স্বৰ্ণ জয়ন্তী উদযাপন যুগমীয়া কৰি ৰাখিবলৈ প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰিব চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জিত শইকীয়াই।

মুকলি সভাখনত বহু শিক্ষাবিদ, সমাজকৰ্মী, জন প্ৰতিনিধিৰ লগতে বিভিন্ন সংগঠনৰ কৰ্মকৰ্তা অতিথি হিচাপে উপস্থিত থাকিব। নিশাৰ ভাগত "সিন্ধুমনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ" শীৰ্ষক ভাওঁনা মঞ্চস্থ কৰিব। এই সোণালী জয়ন্তী সমাৰোহ সফল কৰি তুলিবলৈ সকলো ৰাইজৰ সহযোগিতা বিচাৰিছে আয়োজক সমিতিয়ে।

চিলাপথাৰ সোণালী জয়ন্তী