বানাক্ৰান্ত চিচি টঙানি অঞ্চল পৰিদৰ্শন মিচিং জনগোষ্ঠীয় সংগঠনৰ

বানাক্ৰান্ত চিচি টঙানি অঞ্চল পৰিদৰ্শন মিচিং জনগোষ্ঠীয় সংগঠনৰ

author-image
Asomiya Pratidin
New Update
বানাক্ৰান্ত চিচি টঙানি অঞ্চল পৰিদৰ্শন মিচিং জনগোষ্ঠীয় সংগঠনৰ

ডিজিটেল সংবাদ,চিলাপথাৰঃ ব্ৰহ্মপুত্ৰৰ লগতে উপনৈ চিমেন,চিচি,ডিমৌ আদিৰ বান কিছু হ্ৰাস পাইছে যদিও কমা নাই বানৰ বিভীষিকা। নৈপৰীয়া বন্যাৰ্তৰ চোতালৰ পৰা কৃষি ভূমিলৈকে বালি আৰু পলসৰ তৰপ। এটা সপ্তাহে পানীৰ তলত বহু ঘৰ-বাৰী। বাট পথ বুলি ক'বলৈ নাই কোনো চিন মোকাম। ওখ ওখ চাং ঘৰত আৱদ্ধ হৈ আছে নৈপৰীয়া ৰাইজ।

Advertisment

বানৰ পিছতে বিশেষকৈ পশুধনৰ বাবে সৃষ্টি হৈছে মহাসমস্যা। মথাউৰিৰ বাদে চৰিবলৈ ঠাই নাই গৰু মহৰ। সৰ্বত্ৰ পানী আৰু পলসৰ অৱৰনে ঢাকি ৰাখিছে গাঁও। পশু ধনে খাবলৈ নাই কোনো উপযোগী ঘাঁহ বন। পলসুৱা ঘাঁহ বন‌ ভক্ষণ কৰি ৰোগৰ আশংকা কৰিছে গঞাই।

মিচিং জনগোষ্ঠীয় সংগঠন TMPK,MMK আৰু TMMKই এক সজাতি দলে দেওবাৰে বানাক্ৰান্ত চিচি টঙানি অঞ্চলটো ভ্ৰমন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। TMPK ৰ উপদেষ্টা ৰাজকুমাৰ মৰাং আৰু চিলাপথাৰ জিলাৰ সম্পাদক মানস কুলিৰ নেতৃত্বত যোৱা দলটোৱে বানাক্ৰন্ত অঞ্চলটো ভ্ৰমণ কৰি ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লৈ মত বিনিময় কৰে।

বিশেষকৈ নামনি আৰু মধ্য চিচি টঙানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌঃঙাম দলুংচিচি কঠালগুৰি,ৰাংকপ চাপৰি,ভচিচিচুমনি,শিয়াল মৰা আৰু ভেকেলী টঙানী,চহবাৰী আদি গাঁওসমূহৰ লগতে ব্ৰহ্মপুত্ৰ আৰু টঙানী নদীৰ ভয়াৱহ গৰাখহনীয়া পৰিদৰ্শন কৰা কৰে।

দলটোৱে অতি শীঘ্ৰে খহনীয়া সমস্যা সমাধানৰ দাবী জনায়। সজাতি দলটোৱে টাৰ্পলিন,বলটিন,কাপোৰ আদি কিছু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। বন্যাৰ্তক বান সাহাৰ্য,পশু ধনক পৰ্যাপ্ত খাদ্য আৰু চিকিৎসা পথ্যৰ ব্যৱস্থাৰ লগতে বান খহনীয়া প্ৰতিৰোধৰ উন্নত পদক্ষেপ গ্ৰহণৰ দাবী জনায় সংগঠন ত্রয়ৰ দলটোৱে।

silapathar