জোনাইত ছাত্ৰ নেতাক অকাৰণতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষী বিষয়াৰ

জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে আছু কৰ্মীক প্ৰাণ নাশৰ চেষ্টাৰে নিৰ্মম, বৰ্বৰ অত্যাচাৰ চলাই গুৰুত্বৰভাৱে আহত কৰাৰ ঘটনাই জোনাইত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

author-image
Tushar Pratim
New Update
জোনাইত ছাত্ৰ নেতাক অকাৰণতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষী বিষয়াৰ

ডিজিটেল সংবাদ, জোনাই: ধেমাজি জিলাৰ জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে আছুৰ নিৰীহ কৰ্মীক প্ৰাণ নাশৰ চেষ্টাৰে নিৰ্মম, বৰ্বৰ অত্যাচাৰ চলাই গুৰুত্বৰ ভাবে আহত কৰাৰ ঘটনাই জোনাইত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। জোনাই মহকুমাৰ‌ মাতাল আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে‌ বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক শুকুৰবাৰে নিশা নিৰ্মম অত্যাচাৰ কৰে।

Advertisment

ইয়াৰ বিৰুদ্ধে আজি পুৱাই আছু কৰ্মীৰ লগতে শ শ ৰাইজে জোনাই সদৰ থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। খাকী পোছাকত দাগ লগোৱা জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙৰ‌ ওপৰত কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰে নিলম্বন কৰিবলৈ আছুৱে দাবী জনাইছে।‌

জোনাইত ছাত্ৰ নেতাক অকাৰণতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষী বিষয়াৰ

ঘটনা সন্দৰ্ভত গুৰুত্বৰ ভাবে আহত আছুকৰ্মী চন্দ্রকান্ত বৰুৱাই জোনাই থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰামতে,  শুকুৰবাৰে নিশা জোনাই বজাৰস্থিত হনুমান মন্দিৰত নাম কীর্তন চলি আছিল। বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাই লগৰ এজনলৈ অপেক্ষা কৰি নাম কীর্তন চাই থকাৰ মজাতে জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে‌ কোনো কাৰণ নোহোৱাকৈ চন্দ্ৰকান্ত বৰুৱাক তেখেতৰ সৈতে থকা আন সুৰক্ষা কৰ্মীৰ বন্দুক লৈ মুখত প্রচণ্ড জোৰেৰে খুন্দিয়াই দিয়ে। ফলত তেওঁৰ তিনিটাকৈ দাঁত ভাঙি পৰে।

মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে তাতে ক্ষান্ত নাথাকি লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে চোকা অস্ত্ৰৰে ডিঙিত আঘাত কৰাত আছুকৰ্মী চন্দ্রকান্ত বৰুৱাই গুৰুত্বৰ ভাবে আহত হয়। ইপিনে লগৰজনে চন্দ্ৰকান্ত বৰুৱাক ৰক্ষা কৰিবলৈ যাওঁতে তেওঁকো ৰাস্তাৰ ওপৰত আঠুকঢ়াই বন্দুকেৰে প্ৰাণ নাশৰ ভাবুকি দিয়ে।

জোনাইত ছাত্ৰ নেতাক অকাৰণতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষী বিষয়াৰ

ইপিনে ডিঙিৰ লগতে সৰ্বশৰীৰত গুৰুত্বৰ ভাৱে আহত চন্দ্ৰকান্ত বৰুৱাক উন্নত চিকিৎসা বাবে আজি ডিব্ৰুগড় লৈ প্ৰেৰণ কৰে। নিৰীহ আছুকৰ্মীক প্ৰচণ্ড মাৰপিট কৰাৰ প্ৰতিবাদত আছুকৰ্মী আৰু ৰাইজে আজি পুৱা জোনাই থানা ঘেৰাও কৰি উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে।

ইয়াৰ পিছত জোনাই সদৰত এক প্ৰতিবাদী সমদল উলিওৱা হয়। এই সময়ত আছুকৰ্মীসকলে‌ মাতাল আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাং মুৰ্দাবাদ, জোনাই মহকুমা আৰক্ষী বিষয়া মু্ৰ্দাবাদ, সূৰ্যকান্ত মৰাঙক শীঘ্ৰে নিলম্বনৰ কৰক আদি শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

জোনাইত ছাত্ৰ নেতাক অকাৰণতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষী বিষয়াৰ

ইপিনে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক জোনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙে‌ নিৰ্মম আৰু বৰ্বৰ অত্যাচাৰ চলাই গুৰুত্বৰ ভাৱ আহত কৰা ঘটনাৰ পিছত আজি পুৱাৰে পৰা সমগ্ৰ জোনাই দৈনিক বজাৰ বন্ধ হৈ পৰে। বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক নিৰ্মম প্ৰহাৰ কৰি ৰক্ষকেই ভক্ষকলৈ ৰূপান্তৰিত হোৱাক আছুৱে তীব্ৰ গৰিহণা দিছে।

আজি প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক কুমাৰ শৰ্মা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য বিকাশ মিচং, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইৰ লগতে আছুৰ বহু নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক কুমাৰ শৰ্মাই বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক যোৱা নিশা কোনোধৰণৰ কাৰণ নোহোৱাকৈ জোনাই মহকুমা আৰক্ষী বিষয়াৰ বৰ্বৰ অত্যাচাৰক তীব্ৰ গৰিহণা প্ৰদান কৰি আৰক্ষী বিষয়াই এনেদৰে গুণ্ডাগিৰি দেখাব গৈ নিৰীহ আৰু নিৰ্দোষী যুৱকক অত্যাচাৰ কৰাক কেতিয়াও সহ্য কৰা নহ'ব বুলি সকীয়াই দিছে।

জোনাইত ছাত্ৰ নেতাক অকাৰণতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ আৰক্ষী বিষয়াৰ

তদুপৰি জোনাই মহকুমা‌ আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙক শীঘ্ৰে নিলম্বন কৰিবলৈ আছুৱে দাবী জনাইছে। অন্যথাই আছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি দিছে।  

অসম আৰক্ষী আছু জোনাই