জোনাইত খাদ্য বিষক্ৰিয়া হৈ ১৩০ জনৰো অধিক লোক অসুস্থঃ এগৰাকী মহিলা নিহত...

১৩ আগষ্টৰ এক প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি এই লোকসকলে গ্ৰহণ কৰিছি মাহ-প্ৰসাদ
জোনাইত খাদ্য বিষক্ৰিয়া হৈ ১৩০ জনৰো অধিক লোক অসুস্থঃ এগৰাকী মহিলা নিহত...
জোনাইত খাদ্য বিষক্ৰিয়া হৈ ১৩০ জনৰো অধিক লোক অসুস্থঃ এগৰাকী মহিলা নিহত...
Published on
Updated on

ডিজিটেল ডেস্কঃ জোনাইত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এক প্ৰাৰ্থনা সভাত খাদ্যগ্ৰহণ কৰাৰ পাছতে অসুস্থ হৈ পৰিছে ১৩০ জনৰো অধিক লোক। ইয়াৰে এগৰাকী মহিলাৰ ইতিমধ্যে মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। নিহত মহিলাগৰাকীক শৰ্মিলা স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি ১৩ আগষ্টত জোনাইৰ চিমেন চাপৰিস্থিত আঞ্চলিক বাথৌ মন্দিৰত অনুষ্ঠিত হৈছিল এক প্ৰাৰ্থনা সভা। এই প্ৰাৰ্থনা সভাতে মাহ-প্ৰসাদ খাই অসুস্থ হৈ পৰে ১৩২ গৰাকী লোক।

অসুস্থ লোকসকলৰ মাজত আছে বহু কেইটা শিশুও। এই লোকসকল চিমেন চাপৰিৰ ১ নং নাওকাটা, ৰাওনা শান্তিপুৰ, ডেকা শান্তিপুৰ জাৰ্মনবাকী গাঁৱৰ। নিহত শৰ্মিলা স্বৰ্গীয়াৰীৰ ঘৰ ডেকা শান্তিপুৰ গাঁৱত।

প্ৰথম অৱস্থাত অসুস্থ হৈ পৰা লোকসকলক চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকৰ বহু কেইজনৰ অৱস্থা জটিল হোৱাত উন্নত চিকিৎসাৰ বাবে চিলাপথাৰস্থিত আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। তাতো কেইবাজনৰো অৱস্থাই জটিল ৰূপ ধাৰণ কৰাত ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান অঞ্চলটোৰ ১৩০ জনতকৈ অধিক অসুস্থ লোক চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চিলাপথাৰৰ আদৰ্শ চিকিৎসালয় আৰু ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে।

জোনাইত খাদ্য বিষক্ৰিয়া হৈ ১৩০ জনৰো অধিক লোক অসুস্থঃ এগৰাকী মহিলা নিহত...
অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in