/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/69ee3de0-3406-4872-a111-47dfd41d8741/8.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ সোমবাৰে চিলাপথাৰত নীতি বহিৰ্ভূত প্লাষ্টিকৰ সামগ্ৰীৰ বিৰুদ্ধে হঠাৎ অভিযান চলালে স্থানীয় প্ৰশাসনে।অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ আৰু চিলাপথাৰ পৌৰ সভাই নগৰখনত অভিযান চলায়। কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা হেজাৰোধিক কেজি প্লাষ্টিকৰ মোনা, ডিচপজেবল গিলাচ আৰু প্লেট জব্দ কৰে।
লগতে জৰিমনা আদায় কৰে বিভাগীয় কৰ্তৃপক্ষই। ভয়াৱহভাৱে বৃদ্ধি পোৱা প্ৰদূষণ নিয়ন্ত্ৰণৰ স্বাৰ্থত পৰৱৰ্তী সময়ত প্লাষ্টিকৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি চিলাপথাৰ পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়াই সদৰি কৰিছে।
Also Read: ধেমাজি মাডাৰ্ছ প্ৰাইডৰ স্কুলৰ সাফল্য...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us