মেৰাপানীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু

মেৰাপানীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু
Published on
Updated on

ডিজিটেল সংবাদ, মেৰাপানী: মেৰাপানীত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিলে এজন ব্যক্তিয়ে। বিদ্যুৎ বিভাগৰ গাফিলটিৰ ফলতেই উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শত আহি থিতাতে নিহত হয় অজিত ঠেঙাল নামৰ এজন ব্যক্তি।

বৃহস্পতিবাৰে পুৱাই অজিত ঠেঙাল নামৰ ব্যক্তিজনে নিজৰ চাহ বাগিছালৈ যাবলৈ নলাৰ ওপৰত এডাল সাঁকো দিবলে লওঁতেই নিচেই চাপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ঠিতাতে নিহত হয়। মেৰাপানী অঞ্চলৰ চাউদাংপথাৰ গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী অজিত ঠেঙাল নামৰ ষাঠি উৰ্ধৰ ব্যক্তিজনৰ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ইয়াৰ পিছতেই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে স্থানীয় লোক।

উল্লেখ্য যে বিদ্যুৎ বিভাগৰ হেমাহী আৰু অমনোযোগিতাৰ বাবে পূৰ্বতেও বহু কেইজন লোক উলমি পৰা বিদ্যুৎ পৰিবাহী তাঁৰ ডালত লাগি আহত হৈছিল। এই সন্দৰ্ভত চৰাইমাৰী গাঁৱৰ ৰাইজে বিদ্যুৎ বিভাগক বাৰংবাৰ জনাই অহাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিল। ইফালে নিহত ব্যক্তিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

মেৰাপানীত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু
গড়গাঁও মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাললৈ গ্ৰন্থসম্ভাৰ দান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in