NHPCত পাইপ ফাটি গুৰুতৰভাৱে আহত শ্ৰমিকঃ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ

NHPCত পাইপ ফাটি গুৰুতৰভাৱে আহত শ্ৰমিকঃ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ

ডিজিটেল সংবাদ, ধেমাজিঃ এন এইছ পি চিৰ পাৱাৰ হাউছত আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল যোৱা ৩০ ছেপ্টেম্বৰত। এই ঘটনাও গোপনে ৰাখিছিল এন এইছ পি চিয়ে। পাৱাৰ হাউছৰ কংক্ৰিটৰ পাইপ ফাটি ৪জন শ্ৰমিকৰ অৱস্থা সংকটজনক আছিল। সংকটজনক অৱস্থাতেই বৰ্তমান শ্ৰমিক কেইজন চিকিৎসাধীন হৈ আছে।

এনে ধৰণৰ ভয়ংকৰ ভয়ংকৰ ঘটনা ঘটিয়ে আছিল এন এইছ পি চিত, যিবোৰ গাপ দিয়াৰ চেষ্টা কৰে কৰ্তৃপক্ষই। কিন্তু সংবাদ মাধ্যমৰ তৎপৰতাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। জানিব পৰা মতে, ৩০ ছেপ্টেম্বৰত পাৱাৰ হাউছলৈ অহা কংক্ৰিটৰ এটা পাইপ ফাটি পৰাত ৪জন শ্ৰমিকক কংক্ৰিটেৰে হেঁচা মাৰি ধৰে। সংকটজনক অৱস্থাত আন শ্ৰমিকৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ কৰাৰ পাছতে ভুক্তভোগীকেইজনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়ে ঠিকাদাৰে।

NHPCত পাইপ ফাটি গুৰুতৰভাৱে আহত শ্ৰমিকঃ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰ্তৃপক্ষৰ
নগাঁৱত অচল হ'ল প্ৰশাসন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in