/asomiyapratidin/media/media_files/2025/01/20/WnFngEkQkYdWlU0XscId.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ সমান কামৰ বাবে সমপৰ্যায়ৰ দৰমহা দিয়াৰ ব্যৱস্থা কৰা, সকলো কৰ্মচাৰীৰ বাবে অ’ পি এছ আচঁনি, ছুটী, গ্ৰেচুইটিৰ সুবিধা আদায় দিয়া, চাকৰি নিয়ামীয়াকৰণ কৰা আদি কেইবাটাও দাবীৰে আজি এন এইছ এমৰ কাৰিকৰী কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।
আজি বিয়লি ধেমাজি জিয়া আয়ুক্তৰ জৰিয়তে জিলাখনৰ এন এইছ এমৰ কৰ্মচাৰীসকলে তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। তাৰ পাছতেই ধেমাজি প্ৰেছ ক্লাবত উপস্থিত হৈ কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।
উল্লেখ্য যে, বিগত ২০১৬ চনতেই স্বাস্থ্যমন্ত্ৰী হৈ থকা অৱস্থাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এন এইছ এমৰ নাৰ্চ, কৰ্মচাৰীসকলক তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণকে ধৰি সকলো সমস্যা শীঘ্ৰেই সমাধানৰ কথা দিছিল। কিন্তু আজি পৰ্যন্ত এন এইছ এমৰ এইসকল কৰ্মচাৰীৰ সমস্যা সমাধান নহ’ল।
সেয়ে আজি নানান সমস্যাৰে ভাৰাক্ৰান্ত কৰ্মচাৰীসকলে তেওঁলোকক কথা দিয়া মতে কোনো কামেই নকৰিলে বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে কয়, পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতো তেওঁক সমস্যাসমূহৰ বিষয়ে বাৰম্বাৰ জনোৱা হৈছিল। কিন্তু তেওঁ এই বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই।
সেয়ে এই কৰ্মচাৰীসকলে আগন্তুক অসম বিধানসভাৰ বাজেট অধিবেশনৰ পূৰ্বে সমস্যা সমূহৰ সমাধান নকৰিলে দিছপুৰত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিছে। কৰ্মচাৰীসকলে আজি প্ৰেৰণ কৰা স্মাৰক পত্ৰত ওপৰত উল্লেখ কৰা দাবীসমূহৰ উপৰিও তেওঁলোকৰ দৰমহা সপ্তম পে’ কমিচনৰ নিয়ম অনুসৰি সমান কামৰ বাবে সম পৰ্যায়ৰ দৰমহা প্ৰদান কৰা, খালী পদ পূৰণ কৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত নতুনকৈ খালী পদ সৃষ্টি কৰা, নতুন নিযুক্তি বন্ধ কৰি খালী পদ পূৰণৰ বাবে বৰ্তমান কৰ্মৰত ঠিকাভিত্তিক হেল্থকেয়াৰ টেকনিকেল কেডাৰকে স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰাৰো দাবী উত্থাপন কৰিছে।