বিভিন্ন সমস্যা সমাধানৰ দাবীৰে এন এইছ এমৰ কৰ্মচাৰীৰ প্ৰতিবাদ...

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধেমাজি এন এইছ এমৰ অন্তৰ্গত কৰ্মচাৰী, নাৰ্চ, চিকিৎসক, ফামাৰ্চী, টেকনিচিয়ানকে ধৰি প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
বিভিন্ন সমস্যা সমাধানৰ দাবীৰে এন এইছ এমৰ কৰ্মচাৰীৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, ধেমাজিঃ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ধেমাজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত কৰ্মচাৰী, নাৰ্চ, চিকিৎসক, ফামাৰ্চী, টেকনিচিয়ান তথা বিষয়া-কৰ্মচাৰীৰ প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হাতে- হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে এন এইছ এম কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰে। 

এন এইছ এমৰ এই কৰ্মচাৰীসকলে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী পদ তথা নতুনকৈ স্থাপিত মেডিকেল কলেজ হাস্পাতলসমূহত তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, চাকৰি নিয়মীয়াকৰণ কৰা, পে' স্কেলৰ ব্যৱস্থা কৰি বেতন সুৰক্ষা প্ৰদান কৰা, সপ্তম দৰমহা আয়োগ অনুসৰি দৰমহা প্ৰদান কৰা আৰু ৰাজ্যিক কৰ্মচাৰীৰ সমহাৰত অন্যান্য সুবিধাসমূহ প্ৰদান কৰাৰ দাবী উত্থাপন কৰি আহিছে।

তাৰোপৰি প্ৰতিবাদকাৰী সকলে ২০২১ চনৰ গেজেট নটিফিকেছন সম্পূৰ্ণ ৰূপে কাৰ্যকৰী কৰা উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সম কামৰ বাবে সম হাৰত দৰমহা প্ৰদান কৰাৰো দাবী উত্থাপন কৰিছে। এন এইছ এমৰ এই কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী আগন্তুক দুটা দিনলৈয়ো অব্যাহত ৰাখিব। তেওঁলোকৰ সমস্যা সামাধানৰ দাবীৰে আহ্বান কৰা এই প্ৰতিবাদ অনুসৰি ৩ দিনলৈ কৰ্মবিৰতিত থাকিব। আজি প্ৰথম দিনৰ প্ৰতিবাদী কাৰ্যসূচী হিচাপে ধেমাজি
জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সম্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদ