চিলাপথাৰ আৰক্ষী থানাৰ নতুন ভৱন উদ্বোধন

চিলাপথাৰ আৰক্ষী থানাৰ নতুন ভৱন উদ্বোধন

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ আৰক্ষী থানাৰ নতুন ভৱন উদ্বোধন

ডিজিটেল সংবাদ, চিলাপথাৰঃ অসম চৰকাৰৰ 'মৈয়ত্ৰী' আচঁনিৰ অধীনত নৱনিৰ্মিত চিলাপথাৰ আৰক্ষী থানাৰ ভৱন শুভ উদ্ধোধন কৰা হয়। বহু টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চিলাপথাৰ আৰক্ষী থানাৰ ভৱনটো মঙ্গলবাৰে শুভ উদ্বোধন কৰে অসম আৰক্ষীৰ আই জি পি জিৎমল দলেই।

Advertisment

নতুন আৰক্ষী থানা ভৱনটো উদ্বোধন কৰি শীৰ্ষ আৰক্ষী বিষয়া জিৎমল দলেই কয় যে, কাম কাজ পৰিচালনাৰ বাবে সকলো সুবিধাৰে সজ্জিত আটক ধুনীয়া নতুন ভৱনটোৱে আৰক্ষী থানাৰ লগতে ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰ কৰিব। মাংগলিক নীতি নিয়মৰ মাজেৰে সম্পন্ন উদ্বোধনী অনুষ্ঠানত ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ লগতে কেইবাজনো আৰক্ষী বিষয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Also Read: বেলতলাত চাঞ্চল্যকৰ কাণ্ড : দেৱাল পাৰ হৈ মহিলাই চুৰি কৰি নিলে ই-ৰিক্সাৰ বেটাৰী

silapathar