Advertisment

চিলাপথাৰৰ দুই দিব্যাংগক নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ সাহাৰ্য

বিগত ডেৰ দশকে আৰ্তজনক সেৱা আগবঢ়াই অহা চিচিবৰগাঁওৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নন্দীগিৰি ভূঞাই প্ৰতিষ্ঠা কৰা সমাজ কল্যাণ সমিতিয়ে শুুকুৰবাৰে দুজন বিশেষভাৱে সক্ষম লোকক প্ৰদান কৰিলে বিশেষ সাহাৰ্য সজুঁলি।

author-image
Tushar Pratim
New Update
চিলাপথাৰৰ দুই দিব্যাংগক নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ সাহাৰ্য  

ডিজিটেল সংবাদ, চিলাপথাৰঃ বিগত ডেৰ দশকে আৰ্তজনক সেৱা আগবঢ়াই অহা চিচিবৰগাঁওৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নন্দীগিৰি ভূঞাই প্ৰতিষ্ঠা কৰা সমাজ কল্যাণ সমিতিয়ে শুুকুৰবাৰে দুজন বিশেষভাৱে সক্ষম লোকক প্ৰদান কৰিলে বিশেষ সাহাৰ্য সজুঁলি।

Advertisment

৭৯ নং চিচিবৰগাঁও বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত নামনি চিলাসূঁতি গাওঁ পঞ্চায়তৰ শিৱনগৰ বালিকুৰ গাঁৱৰ নিবাসী বালি দাস আৰু শিৱানী দাসৰ ৯ বছৰীয়া কন্যা অনামিকা দাস আৰু একেখন গাঁৱৰে ৬০ বছৰীয়া বৃদ্ধ দিলীপ দে'ক  প্ৰদান কৰে হুইল চেয়াৰ। দীৰ্ঘ বছৰে এখন হুইল চেয়াৰৰ অভাৱত চলা ফিৰা কৰাত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছিল দুয়োজন লোক।

চৰকাৰ আৰু স্থানীয় জনপ্রতিনিধিৰ ওচৰত বহুবাৰ আবেদন নিবেদন কৰিও সুফল লাভ নকৰাৰ কথা ব্যক্ত কৰিলে পৰিয়ালৰ লোক সংবাদ মাধ্যমৰ আগত। অৱশেষত শুকুৰবাৰে পৰিয়াল দুটিৰ কাষত থিয় দিলে নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ কৰ্মীসকল।

সমাজ কল্যাণ গোটে বিশেষভাবে সক্ষম দুয়োজন লোকক হুইল চেয়াৰ প্ৰদান কৰে। সাহাৰ্য সজুঁলিয়ে পৰিয়াল‌ দুটাৰ মুখত হাঁহি বিৰিঙালে। এই পদক্ষেপক স্থানীয় ৰাইজে শলাগ লোৱাৰ লগতে গোটৰ প্ৰতিষ্ঠাপক নন্দীগিৰি ভূঞাক ধন্যবাদ জ্ঞাপন কৰে।

চিচিবৰগাওঁ দিব্যাংগ