Advertisment

উভতি নহা বাটেৰে গ'লগৈ চিলাপথাৰৰ সংগীত শিল্পী ভাইটি ...

কোনোদিনে আৰু উভতি নহা বাটেৰে গুচি গ'ল চিলাপথাৰৰ বিশিষ্ট সংগীত শিল্পী ভাইটি। অজস্ৰ গুণমুগ্ধ আৰু আত্মীয় স্বজনক কন্দুৱাই অকালতে চিৰবিদায় মাগিলে যুৱকজনে।

author-image
Asomiya Pratidin
New Update
উভতি নহা বাটেৰে গ'লগৈ চিলাপথাৰৰ সংগীত শিল্পী ভাইটি ...

ডিজিটেল সংবাদ, চিলাপথাৰঃ কোনোদিনে আৰু উভতি নহা বাটেৰে গুচি গ'ল চিলাপথাৰৰ বিশিষ্ট সংগীত শিল্পী ভাইটি। অজস্ৰ গুণমুগ্ধ আৰু আত্মীয় স্বজনক কন্দুৱাই অকালতে চিৰবিদায় মাগিলে যুৱকজনে।

Advertisment

ঘটনাৰ প্ৰাপ্ত বিৱৰণী অনুযায়ী চিলাপথাৰ আমৃতপুৰ নিবাসী আব্দুল আজিজৰ তৃতীয় পুত্ৰ জনপ্ৰিয় সংগীত শিল্পী ভাইতি ওৰফে চহিদুল আজিজে (৪৮) আজি পুৱা প্ৰায় ৬ বজাত কিবা কামত পদব্ৰজে গান্ধী নগৰ দিশে গৈ আছিল। পথচোৱাৰ পকী কালভাৰ্ট পোৱা মাত্ৰেই হঠাৎ বাগৰি পৰি অচেতন হৈ পৰে।

পৰিয়ালৰ লোকে ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ নিয়ে যদিও বাটতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত দুৰ্ভগীয়া পত্নিসহ এগৰাকী ৪ বছৰীয়া কন্যা আৰু বহু নিকট আত্মীয় লোকক সংসাৰত এৰি থৈ গৈছে। 

উল্লেখ্য যে ড্ৰাম,কংগো, তবলা,পেড আদি বিভিন্ন বাদ্য যন্ত্ৰ বজোৱাত অত্যন্ত সিদ্ধহস্ত চহিদুলৰ বহুতেই নাজানিছিল প্ৰকৃত নাম। অমায়িক আৰু সৰলমনা স্বভাৱৰ বাবে ৰাইজৰ মাজত ভাইটি নামেৰেহে পৰিচিত আছিল।

প্ৰায় তিনি দশকৰ পূৰ্বে একাংশ সংগীত প্ৰেমী যুৱকৰ সহযোগত স্থাপন কৰিছিল পূৰ্বজ্যোতি সংঘ নামৰ এক সংঘ। এই অনুষ্ঠানতে নিতৌ চলিছিল সংগীত,নাট আৰু খেল ধেমালিৰ না না আখৰা।

বৰ্তমানৰ বিহু আৰু নাটক- ভাওঁনা শিল্পী হিচাপে প্ৰতিষ্ঠা লাভ কৰা কেইবাজনো শিল্পী এসময়ত এই সংঘতে কৰিছিল অনুশীলন। এনে অনুশীলনত নিয়ামীয়াকৈ বাদ্য সংগত কৰি সহযোগ কৰি ভাইটি ওৰফে চহিদুলে।

অঞ্চলটোৰ অনেক সংগীত অনুৰাগীক বিনা দক্ষীনাই বাদ্য যন্ত্ৰৰ  শিকাই আত্মতুষ্টি লভিছিল যুৱক জনে। অঞ্চলটোৰ প্ৰতিখন সাংস্কৃতিক কাৰ্যসূচীত দেখা গৈছিল যুৱজনৰ সহযোগিতা।

আজি পূৱাতে জনপ্ৰিয় বাদ্যযন্ত্ৰী তথা পূৰ্বজ্যোতি সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক যুৱক জনৰ আকস্মিক মৃত্যুত মৰ্মাহত হৈ পৰিছে গুণমুগ্ধ ৰাইজ। পূৰ্বজ্যোতি সংঘৰ সভাপতি নৃপেন বৰঠাকুৰ,সম্পাদক মৃগেন নাথৰ লগতে জ্যেষ্ঠ সদস্যা সঞ্জয় ফুকন,ড০ ৰবীন ফুকন, উচমান আলি,ফণীন্দ্ৰ গন্ধিয়া,বাবুল দত্ত,উৎপল বৰুৱা,প্ৰতাপ বৰা,জীতু বৰুৱা,জগত হাজৰিকা আদিৰ এক সঁজাতি দলে আজি লোকজনৰ বাসভৱনত উপস্থিত হৈ শেষ স্ৰদ্ধাৰ্ঘ নিবেদন কৰে।

আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তাপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়। বিয়লি বহু গুণমুগ্ধৰ উপস্থিতিত ৰাইজে তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।

চিলাপথাৰ