/asomiyapratidin/media/media_files/2025/06/11/IcfC06KDi9vCMVTadOHp.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ কাৰ্য্যকাল ইতিমধ্যে ১১ বছৰ সম্পূৰ্ণ উপলক্ষে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই সমষ্টিত এতিয়ালৈকে হোৱা উন্নয়নৰ কামকাজকলৈ বুধবাৰে ধেমাজি জিলা বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰে। ধেমাজি জিলা বিজেপিৰ সভাপতি ৰূপা কামানে সংবাদ মেলৰ উদ্দেশ্যে দাঙি ধৰাৰ পিছতেই সাংসদ বৰুৱাই সংবাদমেল সম্বোধন কৰি ধেমাজি, লখিমপুৰকে ধৰি লখিমপুৰ লোকসভাৰ সমষ্টিটোত ইতিমধ্যে হৈ যোৱা বিভিন্ন উন্নয়নৰ কামকাজৰ খতিয়ানকলৈ তেওঁ বৰ্ণনা কৰে৷
বক্তব্যত তেওঁ কয় যে কেন্দ্ৰত চৰকাৰৰ কাৰ্য্যকাল ১১ বছৰ হ’লেও অসমত বিজেপি চৰকাৰৰ কাৰ্য্যকাল এতিয়ালৈকে ৯ বছৰ হৈছে৷ এই কাৰ্য্যকালত অসমৰ বিভিন্ন জিলাৰ লগতে ধেমাজি আৰু লখিমপুৰকে ধৰি লোকসভা সমষ্টিটোৰ আটাইকেইটা বিধানসভাৰ সমষ্টিতেই উন্নয়নৰ কামকাজ দ্ৰুত গতিত এতিয়াও ৰূপায়ণ হৈ আছে বুলি উল্লেখ কৰে৷
বিশেষকৈ বান নিয়ন্ত্ৰণৰ বাবদ কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ টা বছৰত অসমলৈ দিয়া ১০ হেজাৰ কোটিতকৈ অধিক টকা যোগান ধৰাৰ কথা উল্লেখ কৰে। ধেমাজি জিলাখনৰ তিনিটা সমষ্টিৰ বাবে বিগত ১১ টা বছৰত বান নিয়ন্ত্ৰণৰ বাবেও কেইবা কোটি টকা দিছিল বুলিও উল্লেখ কৰি ইতিমধ্যে ইয়াৰ বাবে জিলাখনৰ গাইনদী, ৰাইনদী, জীয়াধল, চমৰাজান, চিমেন, লালি ব্ৰহ্মপুত্ৰ ইত্যাদি নদীসমূহৰ বাহিৰত কিছু সমস্যা থাকিলেও নদীৰ মূল ভূখণ্ডত নিয়ন্ত্ৰণ হোৱা বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে৷
বিশেষভাবে ধলা শদিয়া দলঙৰ লগতে বগী বিল দলংখনৰ নিৰ্মাণে উত্তৰ অসমত বেপাৰ বাণিজ্যকে ধৰি স্বাস্থ্য খণ্ডতো যথেষ্ট উন্নতি দিশত আগবাঢ়িছে বুলি উল্লেখ কৰি নতুনকৈ দিছমুৰ সোণাৰী পৰা নদী দ্বীপ মাজুলীলৈকে পথচোৱা দ্ৰুত গতিত নিৰ্মাণ কৰা হৈছে৷ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে ধেমাজি জিলা জোনাইৰ পৰা গহপুৰলৈকে ফ'ৰলেন পথ নিৰ্মাণ কৰি থকা হৈছে অতি সোনকালেই এই পথচোৱা নিৰ্মাণ হৈ উঠিব বুলি সাংসদগৰাকেীয়ে জানিবলৈ দিয়ে৷
তেওঁ জীয়াধল নদীৰ ওপৰত দলং সম্পন্ন হ'ব বুলিও সংবাদ মেলত উল্লেখ কৰাৰ লগতে আৰু বহু কেইখন নদীৰ ওপৰত দলং নিৰ্মাণ হ'ব বুলিও অৱগত কৰে৷ সাংসদগৰাকীয়ে পথ মেৰামতি, বান নিয়ন্ত্ৰণ, কৃষি, জন স্বাস্থ্য কাৰিকৰী, চিকিৎসা, আন বহুকেইটা বিভাগৰ বিষয়ে উন্নয়নমূলক কামকাজৰ সম্পৰ্কে বিৱৰণ দিয়ে।