মাছখোৱাত সাংসদ প্ৰদান বৰুৱাৰ নামঘৰৰ চেক বিতৰণী সভা অনুষ্ঠিত

শনিবাৰে মাছখোৱাত সাংসদ প্ৰদান বৰুৱাই নাম ঘৰৰ উন্নয়নৰ বাবে চেক বিতৰণ কৰে৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনৰ আতঁধৰে মাছখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অশ্লেষা বৰদলৈয়ে৷

author-image
Asomiya Pratidin
New Update
মাছখোৱাত সাংসদ প্ৰদান বৰুৱাৰ নামঘৰৰ চেক বিতৰণী সভা অনুষ্ঠিত

ডিজিটেল সংবাদ, ধেমাজি শনিবাৰে বিয়লি ৪ বজাত মাছখোৱাত লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই নাম ঘৰৰ উন্নয়নৰ বাবে চেক বিতৰণ কৰে৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনৰ আতঁধৰে মাছখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অশ্লেষা বৰদলৈয়ে৷

Advertisment

সভাত সাংসদগৰাকীয়ে মাছখোৱা অঞ্চলটোৰ নামঘৰৰ মুঠ ৬৪ খন চেক বিতৰণ কৰে৷ প্ৰতিটোৰ নামঘৰৰ বাবে ৩ লাখ টকাকৈ আৱন্তিত হোৱা ধনৰ ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ত প্ৰথম কিস্তিত শনিবাৰে প্ৰতিটো নামঘৰৰ বাবে ডেৰ লাখ টকাকৈ চেক বিতৰণ কৰে৷

এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত লিখিছে, ৰাজ্য চৰকাৰৰ "অসম দৰ্শন" আঁচনিয়ে আমাৰ আধ্যাত্মিক-সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ "নামঘৰ তথা উপাসনাস্থলী" সমূহৰ সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰদান কৰিছে সুকীয়া মাত্ৰা।

আজি এই আঁচনিৰ অধীনত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মাছখোৱা উন্নয়ন খণ্ডৰ এলেকাৰ ৬৪ টা নামঘৰ তথা উপাসনাস্থলীলৈ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰোঁ। 

চেক বিতৰণী সভাত ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰ, মাছখোৱা স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ গণৰাজ য়েইন,  মাছখোৱা নগৰ হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন দত্ত আৰু মাছখোৱা জিলা পৰিষদৰ প্ৰাক্তন সদস্যা বৰ্ণালী বৰগোহাঁইয়ে উপস্থিত থাকে৷

প্ৰদান বৰুৱা মাছখোৱা