/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-02/udf94hhb/missing-olympic-2.jpg)
২৯ নৱেম্বৰৰ পৰা গোগামুখত মিচিং অলিম্পিক প্ৰতিযোগিতা...
ডিজিটেল সংবাদ গোগামুখঃ মিচিং অলিম্পিকৰ দ্বিতীয় সংস্কৰণৰ অভ্যৰ্থনা সমিতি গঠনাৰ্থে TMPK, MMK আৰু TMMK ধেমাজি জিলা সমিতিৰ উদ্যোগত ৰাজহুৱা সভাখন গোগামুখস্থিত আবতানি লত্তা সভা গৃহত অনুষ্ঠিত হয়। মিচিং জনগোষ্ঠীৰ উঠি অহা নৱপ্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰত কিদৰে আগুৱাই গৈ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাবলৈ সক্ষম হ'ব আৰু শাৰীৰিক মানসিকভাৱে শক্তিশালী হ'ব সেই উদ্দেশ্য এই সভাখনত আয়োজন কৰে।
উল্লেখযোগ্য যে মিচিং অলিম্পিকখন অহা ইংৰাজী ২৯ নৱেম্বৰ পৰা ১ ডিচেম্বৰ ২০২৪ তাৰিখলৈ গোগামুখত অনুষ্ঠিত হ'ব। উক্ত প্ৰতিযোগিতাত মিচিং জনগোষ্ঠীৰ প্ৰায় ১৫ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
এই সভাত উপস্থিত থাকে TMPK, MMK, TMMK কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গৰ আৰু গোগামুখ অঞ্চলৰ জাতীয় দ'ল সংগঠনৰ নেতৃবৰ্গ।
Also Read: নিশা চলাপথাৰৰ পৰা ১০ টা জুৱাৰীক আটক...